বাৰ্ষিক ১০.৫লাখ টকা আয় হ’লে আয়কৰৰ পৰা মুক্তি পাব আপুনি! কেন্দ্ৰীয় চৰকাৰে বিষয়টো আলোচনা কৰিছে বুলি এক খবৰ প্ৰকাশ পাইছে৷ মধ্যবিত্ত শ্ৰেণীক আয়কৰৰ পৰা ৰেহাই দিয়াৰ চিন্তাচৰ্চা কৰিছে বুলিও একাংশই দাবী কৰিচে৷ আগন্তুক বাজেট অধিবেশনত এই কথা ঘোষণা কৰিব পাৰে বুলি আশা কৰিছে বহুজনেই৷
২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব৷ তাতেই আয়কৰৰ পৰা মধ্যবিত্তক ৰেহাই দিয়াৰ চিন্তাভৱনা চলিছে বুলি খবৰ ভাইৰেল হৈছে৷ সংবাদ সংস্থা ৰয়টাৰ্ছৰ খবৰ অনুসৰি মুদ্ৰাস্ফীতি যি হাৰত চলিছে তাত অৰ্থনীতিৰ গতি শ্লথ হৈ পৰিছে৷ ক্ৰয়ক্ষমতা কমিছে মধ্যবিত্ত শ্ৰেণীৰ৷ দেশৰ অৰ্থনীতিত গতি আনিবলৈ মধ্যবিত্তৰ ভাৰ লাঘৱ কৰাক লৈ সেয়ে আলোচনা চলিছে৷
এই নীতিৰ বাস্তবায়ন হ’লে দেশৰ কোটি কোটি মানুহ উপকৃত হ’ব৷ বিশেষকৈ চহৰত বসবাস কৰা আয়কৰ দাতা মধ্যবিত্ত শ্ৰেণী৷ গাওঁৰ তুলনাত চহৰত জীৱনধাৰণৰ খৰচ বেছি৷ ২০২০ চনত নৰেন্দ্ৰ মোদী চৰকাৰে যি নতুন কৰনীতি আৰম্ভ কৰিছে তাত ৩ৰ পৰা ১০.৫ লাখ যাৰ আয় তেওঁলোকে ৫ ৰ পৰা ২০শতাংশ হাৰত কৰ দিব লাগে৷ ১০.৫ লাখৰ বেছি আয় কৰা সকলে আয়কৰ দিব লাগে ৩০শতাংশ৷
এই মুহূৰ্তত দেশৰ মানুহে দুটাৰ মাজত এটা কৰব্যৱস্থা বাচি ল’ব পাৰে৷ যাৰ মাজত এটাত ভাড়াঘৰ আৰু বিমান ওপৰত কৰ ৰেহাই দিয়া হয়৷ আৰু আনটো কৰত অৰ্থাৎ নায় কৰৰ পৰিকাঠামোত আয়কৰ তুলনামূলকভাৱে কম হ’লেও ইয়াত কোনো কৰ ৰেহাই নাই৷ ২০২০ চনৰ কৰব্যৱস্থাই যাতে আৰু বেছি সংখ্যক মানুহ বাচি লয় তাৰ বাবেই আয়কৰত ৰেহাই দিয়াৰ ভাৱনা চলিছে বুলি জনা গৈছে৷
বৰ্তমান পৰ্যন্ত এই বিষয়ে কোনো সিদ্ধান্তত উপনীত হোৱা নাই কেন্দ্ৰ৷ বাজেট অধিবেশনৰ পূৰ্বে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গৃহীত হ’ব পাৰে৷ অৰ্থনৈতিক বিশেষজ্ঞসকলে জনাইছে যে, এই দেশৰ অৰ্থনীতিৰ গতি মন্থৰ হৈ পৰিছে৷ আভ্যন্তৰীণ উৎপাদনৰ হাৰো কমিছে৷ ২০২৪ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰ ত্ৰিমাহিকৰ একেবাৰে দুৰ্বল হৈ পৰিছে GDP, নিত্যপণ্যৰ দামো বাঢ়িছে, যাৰ ফলত সংসাৰ চলোৱাটো কঠিন বিষয় হৈ পৰিছে সাধাৰণ মধ্যবিত্তৰ বাবে৷ সেয়ে মধ্যবিত্তক কৰৰ বোজাৰ পৰা মুক্তি দিব পাৰে কেন্দ্ৰই বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ