• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন দক্ষ আৰু দুৰদৰ্শী বাবেই অসম শীৰ্ষ সফল ৰাজ্যত পৰিণত হৈছেঃ পীযূষ হাজৰীকা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন দক্ষ আৰু দুৰদৰ্শী বাবেই অসম শীৰ্ষ সফল ৰাজ্যত পৰিণত হৈছেঃ পীযূষ হাজৰীকা

2 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

14 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

14 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

15 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

16 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

16 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

16 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

17 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

19 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

19 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

20 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

20 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন দক্ষ আৰু দুৰদৰ্শী বাবেই অসম শীৰ্ষ সফল ৰাজ্যত পৰিণত হৈছেঃ পীযূষ হাজৰীকা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন দক্ষ আৰু দুৰদৰ্শী বাবেই অসম শীৰ্ষ সফল ৰাজ্যত পৰিণত হৈছেঃ পীযূষ হাজৰীকা

editor by editor
January 26, 2025
in অসম, জীৱনশৈলী, ৰাজনীতি, লেখা
0
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন দক্ষ আৰু দুৰদৰ্শী বাবেই অসম শীৰ্ষ সফল ৰাজ্যত পৰিণত হৈছেঃ পীযূষ হাজৰীকা
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ দেশবাসীয়ে দেওবাৰে উদযাপন কৰে ৭৬সংখ্যক গণৰাজ্য দিৱস। সমান্তৰালকৈ ৰাজ্যৰো চৌদিশে উলহ-মালোহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱস উপলক্ষে শোণিতপুৰ জিলাত উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰীকা। শোণিতপুৰৰ প্ৰতিগৰাকী নাগৰিক তথা সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী পীযূষ হাজৰীকাই। মন্ত্ৰী হাজৰীকাৰ সৈতে পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাও উপস্থিত থাকে। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৭৬সংখ্যক গণৰাজ্য দিৱসত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত ৰাজ্যখন উন্নয়নৰ দিশে আগবাঢ়িছে। বিগত চাৰে তিনিটা বছৰত অর্থনীতি, আন্তঃগাঁথনি, সামাজিক ন্যায়, শান্তি-সম্প্রীতি, মহিলা সবলীকৰণ, যুৱ-নেতৃত্বৰ উন্নয়ন সাধন আৰু সুশাসনৰ দিশত গুৰুত্ব প্ৰদান কৰি এখন সমৃদ্ধিশালী অসম গঢ়ি তুলিবলৈ সক্ষম হৈছে।

মন্ত্ৰী হাজৰীকাই ভাষণত কয় যে চাৰে তিনি বছৰত ৰাজ্যত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হৈছে।‌ ইপিনে, মাইক্ৰ’ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰতো মহিলাসকলে যথেষ্ট সকাহ লাভ কৰিছে। লাখ লাখ মহিলাক মাইক্ৰ’ফাইনেন্সৰ ঋণৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰে বিজেপি চৰকাৰে। ইতিমধ্যে কেইবাটাও পৰ্যায়ত ৰাজ্যখনৰ মুঠ ১২,৭১,৬৭২গৰাকী মহিলাক মুঠ ২৩,০০৪ কোটি টকাৰ ঋণৰ পৰা সকাহ দিবলৈ সক্ষম হৈছে। অৰুণোদয় আঁচনিৰ পৰা ৩৭ লাখতকৈও অধিক হিতাধিকাৰী উপকৃত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰীকাই। প্ৰধানমন্ত্ৰীৰ সদিচ্ছা আৰু আন্তৰিকতাৰ বাবেই ২৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে টাটাৰ ছেমি-কণ্ডাক্টৰ উদ্যোগ লাভ কৰিবলৈ সক্ষম হৈছে অসমে।

মাথো দহটা বছৰতে দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩৮৭ৰ পৰা বৃদ্ধি হৈ ৬৯৭খন হৈছে। দেশত বিগত ১০টা বর্ষত নতুনকৈ ১৫খন AIIMS, ৭খন আইআইটি আৰু ৭খন আইআইএম নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত জল জীৱন মিশ্যন অভিযানৰ জড়িয়তে ঘৰে ঘৰে বিশুদ্ধ নলযুক্ত পানীৰ যোগান ধৰাৰ উপৰি কিষাণ সন্মান নিধিৰ জড়িয়তে অন্নদাতাসকলৰ কল্যাণৰ বাবে কেন্দ্রীয় চৰকাৰে কাম কৰিছে। ইপিনে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৬ লেনযুক্ত দলঙৰ প্রায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। বিপৰীতে পলাশবাৰী-শুৱালকুছি সংযোগী ৪ লেনযুক্ত দলঙৰ কামেও অগ্রগতি লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে শোণিতপুৰত চলি থকা কামৰ বিষয়েও উল্লেখ কৰে। অসম মালা ২.০, মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ অধীনত শোণিতপুৰ জিলাতো বহুকেইটা পথ নিৰ্মাণৰ কাম চলি আছে। ধূপগুৰিৰ পৰা ঢেকিয়াজুলি, কানাকাটাৰ পৰা ঘগ্ৰাকছাৰী আৰু ঘগ্ৰাকছাৰীৰ পৰা ফুলগুৰিলৈ পথ নিৰ্মাণৰ কাম চলি আছে বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই।

ইফালে ২০২৫-২৬ শৈক্ষিক বৰ্ষত কামৰূপ (মহানগৰ) জিলাৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰম্ভ হ’ব। চৰাইদেউ, বিশ্বনাথ আৰু বঙাইগাঁও জিলাত মুঠ তিনিখন চিকিৎসা মহাবিদ্যালয় ২০২৬-২৭ বৰ্ষত উদ্বোধন কৰাৰ পৰিকল্পনাৰ কথা ভাষণত উল্লেখ মন্ত্ৰী হাজৰীকাই। ইয়াৰোপৰি তামুলপুৰ, ধেমাজি, মৰিগাঁও, গোলাঘাট, শ্রীভূমি আৰু শিৱসাগৰত আন ৯খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম বিভিন্ন পর্যায়ত আছে। ২০২৫-২৬ বৰ্ষত ৰাজ্যখনৰ ছয়খন চিকিৎসা মহাবিদ্যালয় ক্রমে শিলচৰ, তেজপুৰ, যোৰহাট, বৰপেটা, ডিফু আৰু লখিমপুৰত ছুপাৰ স্পেচিয়েলিটী উইং নিৰ্মাণৰ কাম আৰম্ভ হ’ব। যাৰ জৰিয়তে এই চিকিৎসা মহাবিদ্যালয়কেইখনত ১,১০০খন বিছনা সংযোজন কৰা হ’ব। পলাশবাৰীত এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় নিৰ্মাণৰো পৰিকল্পনা চলি আছে।

কেৱল ইমানেই নহয়, ডিফু, লখিমপুৰ, ধুবুৰী, নগাঁও, নলবাৰী, তেজপুৰ আৰু বৰপেটাত মুঠ ৭খন নতুন নাৰ্ছিং মহাবিদ্যালয়ৰ পৰিকল্পনা কৰা হৈছে। ২০২৪ বর্ষত পিএম কিষাণ সন্মান নিধিৰ অধীনত ই-কেৱাইচি (e-KYC)ৰ দ্বাৰা পৰীক্ষণকৃত অসমৰ ১৮.৮৭ লাখ কৃষকলৈ ১,৩৭৪ কোটি টকা বিতৰণ কৰা হৈছে। পিএম ফচল বীমা যোজনাৰ অধীনত ৰাজ্যখনত মুঠ আবেদনকাৰীৰ সংখ্যা ৰবি শস্যত ৫১ শতাংশ আৰু খাৰিফ শস্যত ৮৩ শতাংশ বৃদ্ধি হৈছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে প্রধানমন্ত্রী আৱাস যোজনা গ্রামীন আঁচনিৰ অধীনত বৰ্তমানলৈকে ২০,৫১,৮৪২টা প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীন গৃহৰ বিপৰীতে ১৯,৪৯,৮২৭টা এনে গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। অসমৰ সফল মহিলা উদ্যোগীৰ বাবে ৮.৮২ লাখ লাখপতি বাইদেউক ৰাজ্য চৰকাৰে উদগণি যোগাইছে।

বিজেপি চৰকাৰখনৰ প্ৰথম তিনিটা বছৰত ১৮৯ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ কৰাৰ লগতে ৪৪০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি ওখ আৰু শক্তিশালী কৰা হৈছে। আৰু ২১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া প্ৰতিৰোধী ব্যৱস্থা লোৱা হৈছে। ইপিনে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত বিগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰীলৈ স্কুটাৰ প্ৰদান কৰা হৈছে। ভাষণত মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে অসমত ৬৬,৯৯,৯৬৭ টা ৰেচন কাৰ্ডপ্রাপ্ত পৰিয়ালক সামৰি ২,২৮,৯৪,০৩৩ গৰাকী লোকে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ ৰেচন লাভ কৰি আহিছে। ইপিনে সক্রিয় টেপ সংযোগেৰে অসমৰ গ্ৰামাঞ্চলৰ ৯৫.৩৫ শতাংশ বিদ্যালয় আৰু ৯০.৫৩ শতাংশ অংগনৱাড়ী কেন্দ্ৰলৈ বিশুদ্ধ পানী যোগানৰ সুবিধা আগবঢ়োৱা হৈছে। আনহাতে, বিগত তিনিটা বছৰত জলসম্পদ বিভাগে বৰ্তমানৰ শোণিতপুৰ জিলাত বিভিন্ন আঁচনিৰ অধীনত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে প্রায় ১১২.২২ কোটি টকাৰ কাম কৰিবলৈ সক্ষম হৈছে। ইফালে কুইণ্টলে প্রতি ন্যূনতম সমর্থনমূল্য ১,৯৪০ টকাৰ পৰা আৰম্ভ কৰি কুইণ্টলে প্রতি ২,৩০০ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে। চৰকাৰৰ এই প্রয়াসে বহুতো কৃষকলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে বহুতো নিবনুৱাই কৃষি কৰ্ম কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ মন্ত্ৰী পীযূষ হাজৰীকাই। ৰেচন কাৰ্ড সন্দৰ্ভতো ভাষণত উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই।

দেওবাৰে ৭৬সংখ্যক গণৰাজ্য দিৱসত শোণিতপুৰ জিলাত উপস্থিত থাকি শক্তিশালী ভাষণ প্ৰদান কৰে মন্ত্ৰী পীযূষ হাজৰীকাই। সকলোকে আগন্তুক দিনতো শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখি ৰাজ্যৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ সহযাত্ৰী হ’বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
Next Post
মহাকুম্ভৰ মাজতেই অঘোৰী বাবা কালপুৰুষৰ ভয়ানক ভৱিষ্যদ্বাণী, কি কৈছে বাবা কালপুৰুষে?

মহাকুম্ভৰ মাজতেই অঘোৰী বাবা কালপুৰুষৰ ভয়ানক ভৱিষ্যদ্বাণী, কি কৈছে বাবা কালপুৰুষে?

বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.