প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত ৯৫ বছৰ বয়সীয়া অঘোৰী বাবাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তেওঁৰ নাম বাবা কালপুৰুষ৷ তেওঁৰ মুখমণ্ডল ছাইৰে ঢকা৷ হাতত মানুহৰ মূৰৰ লাওখোলা, সেই লাওখোলাৰেই তেওঁ পানী পিয়ে৷ শুনা গৈছে যে হিমালয় ধ্যানৰ অন্তত তেওঁ দিব্যশক্তি প্ৰাপ্ত কৰিছে৷
এই অঘোৰী বাবাই এনে ভৱিষ্যদ্বাণী কৰিছে যাক লৈ সকলো হতবাক৷ তেওঁ উচ্চকণ্ঠেৰে কৈছে, ‘চিতা জ্বলিব, বতাহ ক’লা হ’ব৷ মানুহে যি ভুল কৰিছে সকলোবোৰ নদীয়ে মনত ৰাখে৷ গংগাই কান্দিলে অশ্ৰু সমতলত পৰিব৷ এই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে৷’
বাবা কালপুৰুষ কোন?
বাবা কালপুৰুষ সম্পৰ্কে আশ্চৰ্যজনক কথাটো হৈছে বাবা কালপুৰুষে সন্মুখৰ সংগতস্থলীলৈ ইংগিত কৰি কৈছে, ‘মই শেষ সাত মহাকুম্ভলৈ আহিছো৷ পূৰ্বেও এই এলেকাত থাকিছো৷ কিন্তু এইবাৰৰ লক্ষণ বেলেগ৷ শ্মশানৰ কাউৰীসমূহে অন্যধৰণৰ স্বৰত মাতিছে৷ মৃত মানুহো বেছি অস্থিৰ হৈছে৷’
অঘোৰি বাবাই কয়, ‘পৃথিৱীয়ে নিঃশ্বাস সলাইছে৷’ ইয়াৰ সৈতে তেওঁ ছাইৰে এটা পবিত্ৰ প্ৰতীক তৈয়াৰ কৰি কৈছে, ‘নদীয়ে যেতিয়া তাৰ গতিপথ পৰিবৰ্তন কৰে তেতিয়া চহৰসমূহে বজিব যে চহৰে ধাৰ কৰা মাটিত বসতি স্থাপন কৰিছে৷ পৰবৰ্তী চাৰি বছৰ মানুহে যাক চিৰস্থায়ী বা চিৰন্তন বুলি ধাৰণা কৰিছে সকলোবোৰ মিছা৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ