মুহুৰ্ততে সলনি হ’ব পাৰে সকলো, ইণ্ডিয়া গোটলৈ সকলো দলকে মুকলি অফাৰ
ৰাজনৈতিক সমীকৰণ কেতিয়া কিদৰে সলনি হৈ পৰে কোনেও নাজানে। এতিয়া যদি দেখা পোৱা যায় এক দৃশ্যপট, তাৰ কিছু সময় পাছতে দৃশ্যমান হয় এক অন্যহে। সেয়ে এইবাৰৰ কেন্দ্ৰীয় চৰকাৰ গঠনৰ ক্ষেত্ৰতো দেখা গৈছে এক অন্য দৃশ্যহে। কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত যিয়েই চৰকাৰ গঠন নকৰক কিয়, গোটবন্ধন কৰিবই লাগিব।
সেয়ে দৃশ্যপট সলনি হোৱাৰ আশংকাই দেখা দিছে। বৰ্তমানে এন ডি এ গোট বন্ধনত বিজেপিয়ে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰে সৈতে লগ হৈ চৰকাৰ গঠনৰ দিশে। আনহাতে ইণ্ডিয়া গোটবন্ধনেও চেষ্টা চলাই আছে চৰকাৰ গঠনৰ বাবে।
আজি সন্ধিয়া দুয়োটা গোটেই মিলিত হয় ৰুদ্ধদ্বাৰ বৈঠকত। বৈঠকত অন্তত বিজেপিয়ে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ পৰা সহাৰি পত্ৰ লাভ কৰাৰ বিৰতীতে বিৰোধী শিবিৰতো বহু দিশ আলোচনা কৰা হয়।
আলোচনাৰ অন্ততে কংগ্ৰেছৰ অধক্ষ্য মল্লিকাৰ্জুন খাৰ্গেই সংবাদ মাধ্যমত আগত আহি সকলো ৰাজনৈতিক দলকে ইণ্ডিয়া গোটলৈ মুকলি অফাৰ আগবঢ়াই। সকলো ৰাজনৈতিক দলকে স্বাগতম জনায় বিৰোধী গোটলৈ। ইণ্ডিয়া গোটৰ বাহিৰে অন্য ৰাজনৈতিক দল এই গোটলৈ আহিলে সম্পূৰ্ণ সলনি হৈ পৰিব ৰাজনৈতিক সমীকৰণ।
আজিৰ এই বিশেষ বৈঠকত কংগ্ৰেছৰ ছোনিয়া গান্ধীৰ, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ বাহিৰে শাৰদ পাৱাৰ, এক কে ষ্টেলিন, অখিলেখ যাদৱ, তেজশ্বী যাদৱ, সঞ্জয় চোৰেন, ৰাধৱ চড্ডা, ওমৰ আব্দুলা আদি বহু কেইগৰাকী নেতা মিলিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















