অসম লাইভ২৪ঃ খৰধৰ নহয়, অপেক্ষা৷ সঠিক সময়ৰ অপেক্ষা৷ সঠিক সময় আৰু সুযোগ বুজি আগবাঢ়িব লাগিব৷ সেই ৰণকৌশলেৰে আগবাঢ়িছে ইণ্ডিয়া জোঁট৷ লোকসভা নিৰ্বাচনত ভাল ফল লাভ কৰিলেও বিৰোধী জোঁট ইণ্ডিয়াৰ চৰকাৰ গঠন কৰিব পৰাকৈ উপযুক্ত সংখ্যা নাই৷ সেয়ে ঐক্যবদ্ধ বিৰোধী হিচাপেই যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে বিৰোধী জোঁটে৷ জোঁটৰ বৈঠকৰ পাছত এই কথা প্ৰায় স্পষ্ট কৰি দিছে কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জূন খাৰ্গেই৷ মল্লিকাৰ্জূন খাৰ্গে সংবাদমেল দিয়াৰ সময়ত কাষত আছিল ছোনীয়া আৰু ৰাহুলো৷ ইয়াৰোপৰি তেওঁৰ কাষত আছিল অভিষেক বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱ, এনচিপিৰ প্ৰধান শাৰদ পাৱাৰ, উদ্ধৱ ঠাকৰেৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাউত, চিপিএএমৰ নেতা সীতাৰাম য়েচুৰী, আপ নেতা সঞ্জয় সিং সহ কেইবাগৰাকীও নেতা৷
এইবাৰৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে বিজেপি দলে৷ ৪০০ পাৰ দূৰৈৰ কথা এনডিএ জোঁটে মিলিও ৩০০ পাৰ কৰিব নোৱাৰিলে৷ অৱশ্যে চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকৰ হাতত সংখ্যা আছে৷ এনডিএৰ বৈঠকৰ পাছত মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিছে পদত্যাগ পত্ৰ৷ অৰ্থাৎ নতুন চৰকাৰ গঠনৰ বাবে তেঁওলোক সাজু হৈছে৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডুৰ সমৰ্থনত মোদীয়েই প্ৰধানমন্ত্ৰী হ’ব৷ অৰ্থাৎ তৃতীয়বাৰৰ বাবে মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব৷ এই পৰিস্থিতিত দায়িত্বশীল বিৰোধী হিচাপেই আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে ইণ্ডিয়া জোঁটে৷
ইণ্ডিয়াৰ হাতত আছে ২৩৩খন আসন৷ চৰকাৰ গঢ়িবলৈ ২৭২খন আসনৰ প্ৰয়োজন৷ এই পৰিস্থিতিত নীতীশ আৰু চন্দ্ৰবাবুক কাষলৈ আনি ইণ্ডিয়াই চৰকাৰ কৰাটো উচিত আছিল নেকি সেই কথাও একাংশ ৰাজনৈতিক বিশেষজ্ঞই চৰ্চা কৰিছে৷ ইণ্ডিয়া বৈঠকত সেই কথাই আলোচনা হ’ব বুলি বহুতে অনুমানো কৰিছিল৷ কিন্তু খাৰ্গেই বৈঠকৰ পাছত স্পষ্ট কৰি দিয়ে যে, ‘সঠিত সময়ত সঠিক সিদ্ধান্ত লম৷’
বহুতৰে মত, মুকলিকৈ খাৰ্গেই কথাবোৰ নকলেও খাৰ্গেই বুজাই দিছে যে বলপূৰ্বৰ টানি আজুৰি চৰকাৰ কৰিলে শাসকদলে ক্ষমতাৰ লোভ বুলি প্ৰচাৰ চলাব সেই বাবেই এই সুযোগ শাসক দলক নিদিয়ে বিৰোধীয়ে৷ ইণ্ডিয়াৰ ভাৱমূৰ্তিত দাগ লগোৱা কাম নকৰে বিৰোধীয়ে৷ সেয়ে সঠিক সময়ৰ অপেক্ষা কৰিহে ৰণনীতি তৈয়াৰৰ কাম কৰিব ইণ্ডিয়া জোঁটে৷ এই সন্দৰ্ভত শিৱসেনাৰ নেতা সঞ্জয়ে কয়, ‘জনগণই এই চৰকাৰ সলাই পেলাবই বিচাৰিছিল৷ সঠিক সময়তেই সেই লক্ষ্য পূৰণ হ’ব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ