বাংলাদেশত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে চীন, জামাত-ই-ইছলামী দলক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূতৰ
বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত এতিয়া চীনে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। চীনে বাংলাদেশত ভাৰত বিৰোধী সংগঠনৰ সৈতে সাক্ষাৎ কৰি থকাৰ খবৰ আহিছে। বাংলাদেশৰ নতুন চৰকাৰ আৰু ইছলামিক দলৰ সৈতে চীনে বন্ধুত্ব বৃদ্ধি কৰিছে, যিটো ভাৰতৰ বাবে বেয়া খবৰ।
সোমবাৰে চীনৰ ৰাষ্ট্ৰদূত ইয়াও ৱেনে ঢাকাৰ জামাত-ই-ইছলামী বাংলাদেশ পাৰ্টিৰ কাৰ্যালয়ত উপস্থিত হৈ দলটোক প্ৰশংসাও কৰে। চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে জামাত-ই-ইছলামী এটা সুসংগঠিত দল। উল্লেখ্য যে জামাত-ই-ইছলামীয়ে বাংলাদেশত ভাৰতৰ বিৰোধিতা কৰে, ইয়াক শ্বেখ হাছিনা চৰকাৰে নিষিদ্ধ কৰিছিল, কিন্তু মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে এই নিষেধাজ্ঞা আঁতৰাই দিয়ে।
শ্বেখ হাছিনাৰ চৰকাৰৰ লগতো চীনৰ ঘনিষ্ঠতা বাঢ়ি আহিছিল। চীনে শ্বেখ হাছিনাৰ দল আৱামি লীগৰ সৈতেও গভীৰ সম্পৰ্ক গঢ়ি তুলিছিল। এতিয়া চীনে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ আৰু জামাত-ই-ইছলামীৰ দৰে সংগঠনৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছে। এই সমগ্ৰ ঘটনা ভাৰতৰ বাবে চিন্তাৰ বিষয়, কাৰণ বাংলাদেশত ভাৰতৰ প্ৰভাৱত জামাত-ই-ইছলামী দলটোও বিৰক্ত হৈ পৰিছে।
যদি চীনৰ সহযোগত এই দলটো ক্ষমতালৈ আহে তেন্তে বাংলাদেশত এনে এখন চৰকাৰ গঠন হ’ব যিখন সন্ত্ৰাসবাদ, সীমান্ত সুৰক্ষা আৰু আঞ্চলিক স্থিতিশীলতাৰ বিষয়ত ভাৰতৰ বিৰোধী হ’ব। নতুন চৰকাৰত চীনে বাংলাদেশত বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ প্ৰকল্পক ত্বৰান্বিত কৰিব পাৰে, যাতে ভাৰতৰ প্ৰভাৱ কমি যাব পাৰে।
অৱশ্যে এক সূত্ৰে প্ৰকাশিত অনুসৰি অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনে কৈছিল যে জুন মাহত ভাৰতৰ সৈতে স্বাক্ষৰিত চুক্তিসমূহ যদি ৰাষ্ট্ৰীয় স্বাৰ্থৰ লগত খাপ নাখায় তেন্তে সেইবোৰ পুনৰ বিবেচনা কৰা হ’ব। ২২ জুনত শ্বেখ হাছিনাৰ ভাৰত ভ্ৰমণৰ সময়ত এই সকলোবোৰ চুক্তি স্বাক্ষৰিত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ