পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পালে পদক, চাওক পদক তালিকা
পেৰিছ পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি ভাৰতৰ হৈ ৭ম দিন আৰম্ভ হৈছে। ৪ ছেপ্টেম্বৰত পুৰুষৰ এফ ৪৬ শ্বট পুট ইভেণ্টত ভাৰতীয় খেলুৱৈ শচীন চাৰ্জেৰাৱে এই সফলতা অৰ্জন কৰে। শচীনে ১৬.৩২ মিটাৰ শ্বট নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰে। মাত্ৰ ০.০৬ মিটাৰ দূৰত্বৰ ব্যৱধানৰ বাবে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম নহয়।
বুধবাৰে পেৰিছ পেৰালিম্পিকত পুৰুষৰ এফ ৪৬ শ্বট পুট ইভেণ্টত ৰূপৰ পদক লাভ কৰি ভাৰতীয় দলটোৱে নিজৰ পদক একাউণ্ট মুকলি কৰে। ইয়াৰ লগে লগে এই পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে।
পদক তালিকাত ১৯ নম্বৰ স্থানত ভাৰত
সোণ- ৩ টা
ৰূপ ৮ টা
ব্ৰঞ্জ ১০ টা মুঠ ২১ টা পদক
১) অৱনী লেখাৰা (শ্বুটিং) – স্বৰ্ণ পদক, মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1)
২) মোনা আগৰৱালা (শ্বুটিং) – ব্ৰঞ্জৰ পদক, মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1)
৩) প্ৰীতি পাল (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, মহিলাৰ ১০০ মিটাৰ দৌৰ (T35)
৪) মনীষ নৰৱাল (শ্বুটিং) – ৰূপৰ পদক, পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল (SH1)
৫) ৰুবিনা ফ্ৰান্সিছ (শ্বুটিং) – ব্ৰঞ্জৰ পদক, মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল (SH1)
৬) প্ৰীতি পাল (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, মহিলাৰ ২০০ মিটাৰ দৌৰ (T35)
৭) নিশাদ কুমাৰ (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ হাই জাম্প (টি৪৭)
৮) যোগেশ কথুনিয়া (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ ডিস্কছ থ্ৰ’ (F56)
৯) নীতিশ কুমাৰ (বেডমিণ্টন) –স্বৰ্ণ পদক, পুৰুষৰ একক (SL3)
১০) মনীষা ৰামদাস (বেডমিণ্টন) – ব্ৰঞ্জৰ পদক, মহিলা একক (SU5)
১১) থুলাচিমাথি মুৰুগেছান (বেডমিণ্টন) – ৰূপৰ পদক, মহিলা একক (SU5)
১২) সুহাছ এল যথিৰাজ (বেডমিণ্টন) – ৰূপৰ পদক, পুৰুষৰ একক (এছ এল ৪)
১৩) শীতল দেৱী-ৰাকেশ কুমাৰ (আৰ্চাৰী) – ব্ৰঞ্জৰ পদক, মিক্সড কম্পাউণ্ড মুকলি
১৪) ছামিট এন্টিল (এথলেটিকছ) – সোণৰ পদক, পুৰুষৰ জেভেলিন থ্ৰ’ (এফ৬৪ শ্ৰেণী)
১৫) নিত্য শ্ৰী শিৱন (বেডমিণ্টন) – ব্ৰঞ্জৰ পদক, মহিলা একক (SH6)
১৬) দীপ্তি জীৱনজী (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, মহিলাৰ ৪০০ মিটাৰ (টি-২০)
১৭) মৰিয়াপ্পান থাংগাভেলু (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, পুৰুষৰ হাই জাম্প (টি৬৩)
১৮) শৰদ কুমাৰ (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ হাই জাম্প (T63)
১৯) অজিত সিং (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ জেভেলিন থ্ৰ’ (এফ৪৬)
২০) সুন্দৰ সিং গুৰ্জাৰ ( এথলেটিকছ) – ব্ৰঞ্জৰ পদক, পুৰুষৰ জেভেলিন থ্ৰ’ (এফ৪৬)
২১) শচীন চাৰ্জেৰাও খিলাৰী (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ শ্বট পুট (এফ৪৬)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ