অসম লাইভ ২৪ঃ ইতিহাস ৰচিলে ভাৰতে। সম্পূৰ্ণ হ’ল ১ বিলিয়ন ভেকচিনেচন। ৯ মাহত ১০০ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ল ভাৰতত৷ চলিত বৰ্ষৰ ১৬ জানুৱাৰীত বিশ্বত্ৰাস মহামাৰী কোভিডৰ বিৰুদ্ধে ভাৰতবৰ্ষই আৰম্ভ কৰিছিল এখন যুদ্ধ৷ আৰম্ভ হৈছিল ভেকচিনেচন প্ৰক্ৰিয়া৷ নতুন দিল্লীৰ চফাইকৰ্মী মনিষ কুমাৰক দিয়া হৈছিল কোভিডৰ প্ৰথমটো ভেকচিন৷ কোভিশ্বিল্ড আৰু কোভাক্সিনৰ জৰিয়তে আৰম্ভ হৈছিল মহামাৰী কোভিডৰ বিৰুদ্ধে যুঁজখন৷ কেইবাটাও পৰ্যায়ত আৰম্ভ হোৱা ভেকচিনেচন প্ৰক্ৰিয়াই ২৭৮ দিনত সাঙুৰি ল’লে দেশৰ ১০০ কোটি জনতাক৷ ১০০ কোটি জনতাক ভেকচিনেটেড হোৱাত বৃহস্পতিবাৰে দেশবাসীক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোদীয়ে কয়, ‘দেশবাসীৰ বাবে সোণালী দিন’৷ চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মীক কৃতজ্ঞতা জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ বৃহস্পতিবাৰে দিল্লীৰ RML হাস্পতালত উপস্থিত হৈ ভেকচিনেচন প্ৰক্ৰিয়া প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহেও দেশবাসীক শুভেচ্ছা জনায়৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্যই দিল্লীৰ কোভিড কেয়াৰ চেণ্টাৰত উপস্থিত হৈ মিঠাই বিতৰণ কৰে৷
Today, when India has achieved a #VaccineCentury, I went to a vaccination centre at Dr. Ram Manohar Lohia Hospital. The vaccine has brought pride and protection in the lives of our citizens. pic.twitter.com/MUObjQKpga
— Narendra Modi (@narendramodi) October 21, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ