অপাৰেছন সেন্দূৰত প্ৰথমবাৰ যুদ্ধক্ষেত্ৰত ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে ভাৰতে। সেই সময়ৰ পৰাই এই দেশীয়ভাৱে নিৰ্মাণ কৰা ছুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰক লৈ চৰ্চা চলিছে বিশ্বত। সম্প্ৰতি আজাৰবাইজানত পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফেও ব্ৰহ্মোছৰ ক্ষমতাক স্বীকাৰ কৰি এক ভাষণ দিছে। এই ক্ষেপণাস্ত্ৰক আৰু উন্নত কৰাৰ পৰিকল্পনা ভাৰতে লৈছে। পূৰ্বৰ ক্ষমতাতকৈ আৰু বৃদ্ধি কৰা হব ইয়াৰ ক্ষমতা।
শ্বৰিফৰ স্বীকাৰোক্তিয়ে কদৰ বঢ়াইছে ব্ৰহ্মোছৰ
৯মে ৰ নিশা আৰু ১০ মেৰ পুৱা পাকিস্তানৰ বিভিন্ন সামৰিক ঘাটিত ভাৰতৰ ব্ৰহ্মোছৰ আক্ৰমণত ধৰাশাৰী হৈ পৰিছিল পাকিস্তান। ওলোটাই আক্ৰমণ কৰিব পৰা নাছিল পাকিস্তানে। ভাৰতৰ দৰে শক্তিশালী ব্ৰহ্মোছ তেওঁলোকৰ হাতত নাই সেই কথা মানিও লৈছে শ্বেহবাজ শ্বৰিফেও। এই বিৰল স্বীকাৰোক্তিৰ পাছতেই ব্ৰহ্মোছক লৈ সমগ্ৰ বিশ্বত আগ্ৰহ বাঢ়িছে।
জানক ব্ৰহ্মোছৰ কিমান ক্ষমতা?
ব্ৰহ্মোছক এক ছুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ, যি শব্দতকৈ তিনিগুণ গতিত উৰিব পাৰে। ৪০০ কিঃমিঃ দূৰ পৰ্যন্ত লক্ষ্যবস্তুক়ত আঘাত নিৰ্ভুলভাৱে আঘাত কৰিব পাৰে এই ক্ষেপণাস্ত্ৰই। ভাৰতৰ এই ক্ষেপণাস্ত্ৰৰ বিকাশত সহায়তা আগবঢ়াইছে ৰাছিয়াইয়ো। এই ক্ষেপণাস্ত্ৰ অৱশ্যে একচেটীয়াভাৱে তৈয়াৰ কৰা হয় ভাৰতৰ মাটিতেই। আকাশৰ পৰা সমুদ্ৰলৈ নিক্ষেপ কৰাৰ দৰে বিভিন্ন ধৰণৰ ব্যৱহাৰৰ উপযোগী ভিন্ন ভিন্ন সংস্কৰণ আছে এই ক্ষেপণাস্ত্ৰৰ।
পানী, স্থল আৰু আকাশতো ব্ৰহ্মোছ
অপাৰেছন সেন্দূৰ চলাৰ সময়ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি ভাৰতীয় বায়ুসেনাৰ সুখই-৩০ এম কে আইৰ ফাইটাৰ জেটৰ পৰা এৰা হৈছিল ব্ৰহ্মোছৰ আকাশৰ পৰা মাটিত উৎক্ষেপণযোগ্য সংস্কৰণ। ভাৰতে আকাশপথেৰে কৰা আক্ৰমণত বেছিভাগেই ব্য়ৱহাৰ কৰা হৈছিল এই ক্ষেপণাস্ত্ৰ। পাকিস্তানী সেনাবাহিনীয়ে ভাৰতৰ সীমান্তবৰ্তী ৰাজ্যসমূহত ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱাৰ পাছত পাকিস্তানী ভূখণ্ডত নিৰ্বাচিত কিছু সামৰিক পৰিকাঠামোত আঘাত হানিছিল ভাৰতে। এই ক্ষেত্ৰত ডাঙৰ ভূমিকা লৈছিল ভাৰতীয় সেনাবাহিনীৰ ব্ৰহ্মোছ লঞ্চ ইউনিটসমূহে। ইয়াৰোপৰি আৰৱ সাগৰত ভাৰতীয় নৌসেনাবাহিনীৰ ৰণতৰীসমূহ সজ্জিত আছিল ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰে। যিকোনো সময়ত পদক্ষেপ লোৱাৰ বাবে তৈয়াৰ কৰা হৈছিল এইসমূহ অস্ত্ৰ।
ব্ৰহ্মোছৰ ওচৰতেই পৰাজয়বৰণ কৰিছে চীনৰ এয়াৰ ডিফেন্স চিষ্টেমে
পাকিস্তানৰ আকাশপথৰ আক্ৰমণ ৰোধ কৰিবলৈ বহুস্তৰীয় চীনা এয়াৰ ডিফেন্স চিষ্টেম ব্যৱহাৰ কৰা হয়। অপাৰেছন সেন্দূৰৰ সময়ত ভাৰতৰ এটা ব্ৰহ্মোছো ৰোধ কৰিব পৰা নাছিল মেড ইন চাইনাৰ বহুস্তৰীয় এয়াৰ ডিফেন্স ব্যৱস্থাই। অৱশ্যে চীনৰ এয়াৰ ডিফেন্স চিষ্টেমক ইয়াৰ পূৰ্বেও পৰাস্ত কৰিছে ব্ৰহ্মোছে। ২০২২ চনত দুৰ্ঘটনাক্ৰমে ভাৰতৰ পৰা এটা ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ উৰি গৈছিল পাকিস্তান অভিমুখে। সেই প্ৰথম পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিছিল ব্ৰহ্মোছে। সেই ক্ষেপণাস্ত্ৰ গৈ পাকিস্তানৰ ভিতৰত সোমাই পৰিছিল। তেতিয়াই ওমান পোৱা গৈছিল ব্ৰহ্মোচৰ কাৰ্যক্ষমতা।
ব্ৰহ্মোছক লৈ কি কি পৰিকল্পনা আছে ভাৰতৰ?
- অপাৰেছন সেন্দূৰৰ পাছতেই ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰৰ সংখ্যা আৰু বৈচিত্ৰতা বঢ়োৱাৰ পথত আগুৱাইছে ভাৰত। আছে কেইবাটাও ডাঙৰ পৰিকল্পনা।
- ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰ উৎক্ষেপণ কৰা স্থানৰ পৰা লক্ষ্যবস্তুক আক্ৰমণ কৰিব পৰা দূৰত্ব ৮০০ কিঃমিঃলৈ বৃদ্ধি কৰা হৈছে। বৰ্তমান তৈয়াৰ হৈ আছে ব্ৰহ্মোছৰ এই নতুন সংস্কৰণ।
- ছাবমেৰিনৰ পৰা এৰিব পৰাকৈ নতুন এক সংস্কৰণ তৈয়াৰ কৰি থকা হৈছে। এই নতুন ব্ৰহ্মোছৰ পৰীক্ষা অচিৰেই কৰা হব। ভাৰতীয় ছাবমেৰিনসমূহত পৰীক্ষণৰ পাছতেই এয়া স্থাপন কৰা হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















