• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰহ্মাস্ত্ৰ হোৱাৰ পথেৰে আগুৱাইছে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ, সেন্দূৰৰ সাফল্যৰ পাছতেই ব্ৰহ্মোছৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ, নতুন সংস্কৰণত কি কি শক্তি বৃদ্ধি কৰিছে ভাৰতে?

ব্ৰহ্মাস্ত্ৰ হোৱাৰ পথেৰে আগুৱাইছে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ, সেন্দূৰৰ সাফল্যৰ পাছতেই ব্ৰহ্মোছৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ, নতুন সংস্কৰণত কি কি শক্তি বৃদ্ধি কৰিছে ভাৰতে?

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

8 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

9 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

9 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

10 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

10 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

11 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

12 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

13 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

13 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

14 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

14 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰহ্মাস্ত্ৰ হোৱাৰ পথেৰে আগুৱাইছে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ, সেন্দূৰৰ সাফল্যৰ পাছতেই ব্ৰহ্মোছৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ, নতুন সংস্কৰণত কি কি শক্তি বৃদ্ধি কৰিছে ভাৰতে?

ব্ৰহ্মাস্ত্ৰ হোৱাৰ পথেৰে আগুৱাইছে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ, সেন্দূৰৰ সাফল্যৰ পাছতেই ব্ৰহ্মোছৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ, নতুন সংস্কৰণত কি কি শক্তি বৃদ্ধি কৰিছে ভাৰতে?

editor by editor
May 30, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ব্ৰহ্মাস্ত্ৰ হোৱাৰ পথেৰে আগুৱাইছে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ, সেন্দূৰৰ সাফল্যৰ পাছতেই ব্ৰহ্মোছৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ, নতুন সংস্কৰণত কি কি শক্তি বৃদ্ধি কৰিছে ভাৰতে?
0
SHARES
443
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেছন সেন্দূৰত প্ৰথমবাৰ যুদ্ধক্ষেত্ৰত ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে ভাৰতে। সেই সময়ৰ পৰাই এই দেশীয়ভাৱে নিৰ্মাণ কৰা ছুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰক লৈ চৰ্চা চলিছে বিশ্বত। সম্প্ৰতি আজাৰবাইজানত পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফেও ব্ৰহ্মোছৰ ক্ষমতাক স্বীকাৰ কৰি এক ভাষণ দিছে। এই ক্ষেপণাস্ত্ৰক আৰু উন্নত কৰাৰ পৰিকল্পনা ভাৰতে লৈছে। পূৰ্বৰ ক্ষমতাতকৈ আৰু বৃদ্ধি কৰা হব ইয়াৰ ক্ষমতা।

শ্বৰিফৰ স্বীকাৰোক্তিয়ে কদৰ বঢ়াইছে ব্ৰহ্মোছৰ

৯মে ৰ নিশা আৰু ১০ মেৰ পুৱা পাকিস্তানৰ বিভিন্ন সামৰিক ঘাটিত ভাৰতৰ ব্ৰহ্মোছৰ আক্ৰমণত ধৰাশাৰী হৈ পৰিছিল পাকিস্তান। ওলোটাই আক্ৰমণ কৰিব পৰা নাছিল পাকিস্তানে। ভাৰতৰ দৰে শক্তিশালী ব্ৰহ্মোছ তেওঁলোকৰ হাতত নাই সেই কথা মানিও লৈছে শ্বেহবাজ শ্বৰিফেও। এই বিৰল স্বীকাৰোক্তিৰ পাছতেই ব্ৰহ্মোছক লৈ সমগ্ৰ বিশ্বত আগ্ৰহ বাঢ়িছে।

জানক ব্ৰহ্মোছৰ কিমান ক্ষমতা?

ব্ৰহ্মোছক এক ছুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ, যি শব্দতকৈ তিনিগুণ গতিত উৰিব পাৰে। ৪০০ কিঃমিঃ দূৰ পৰ্যন্ত লক্ষ্যবস্তুক়ত আঘাত নিৰ্ভুলভাৱে আঘাত কৰিব পাৰে এই ক্ষেপণাস্ত্ৰই। ভাৰতৰ এই ক্ষেপণাস্ত্ৰৰ বিকাশত সহায়তা আগবঢ়াইছে ৰাছিয়াইয়ো। এই ক্ষেপণাস্ত্ৰ অৱশ্যে একচেটীয়াভাৱে তৈয়াৰ কৰা হয় ভাৰতৰ মাটিতেই। আকাশৰ পৰা সমুদ্ৰলৈ নিক্ষেপ কৰাৰ দৰে বিভিন্ন ধৰণৰ ব্যৱহাৰৰ উপযোগী ভিন্ন ভিন্ন সংস্কৰণ আছে এই ক্ষেপণাস্ত্ৰৰ।

পানী, স্থল আৰু আকাশতো ব্ৰহ্মোছ

অপাৰেছন সেন্দূৰ চলাৰ সময়ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি ভাৰতীয় বায়ুসেনাৰ সুখই-৩০ এম কে আইৰ ফাইটাৰ জেটৰ পৰা এৰা হৈছিল ব্ৰহ্মোছৰ আকাশৰ পৰা মাটিত উৎক্ষেপণযোগ্য সংস্কৰণ। ভাৰতে আকাশপথেৰে কৰা আক্ৰমণত বেছিভাগেই ব্য়ৱহাৰ কৰা হৈছিল এই ক্ষেপণাস্ত্ৰ। পাকিস্তানী সেনাবাহিনীয়ে ভাৰতৰ সীমান্তবৰ্তী ৰাজ্যসমূহত ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱাৰ পাছত পাকিস্তানী ভূখণ্ডত নিৰ্বাচিত কিছু সামৰিক পৰিকাঠামোত আঘাত হানিছিল ভাৰতে। এই ক্ষেত্ৰত ডাঙৰ ভূমিকা লৈছিল ভাৰতীয় সেনাবাহিনীৰ ব্ৰহ্মোছ লঞ্চ ইউনিটসমূহে। ইয়াৰোপৰি আৰৱ সাগৰত ভাৰতীয় নৌসেনাবাহিনীৰ ৰণতৰীসমূহ সজ্জিত আছিল ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰে। যিকোনো সময়ত পদক্ষেপ লোৱাৰ বাবে তৈয়াৰ কৰা হৈছিল এইসমূহ অস্ত্ৰ।

ব্ৰহ্মোছৰ ওচৰতেই পৰাজয়বৰণ কৰিছে চীনৰ এয়াৰ ডিফেন্স চিষ্টেমে

পাকিস্তানৰ আকাশপথৰ আক্ৰমণ ৰোধ কৰিবলৈ বহুস্তৰীয় চীনা এয়াৰ ডিফেন্স চিষ্টেম ব্যৱহাৰ কৰা হয়। অপাৰেছন সেন্দূৰৰ সময়ত ভাৰতৰ এটা ব্ৰহ্মোছো ৰোধ কৰিব পৰা নাছিল মেড ইন চাইনাৰ বহুস্তৰীয় এয়াৰ ডিফেন্স ব্যৱস্থাই। অৱশ্যে চীনৰ এয়াৰ ডিফেন্স চিষ্টেমক ইয়াৰ পূৰ্বেও পৰাস্ত কৰিছে ব্ৰহ্মোছে। ২০২২ চনত দুৰ্ঘটনাক্ৰমে ভাৰতৰ পৰা এটা ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ উৰি গৈছিল পাকিস্তান অভিমুখে। সেই প্ৰথম পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিছিল ব্ৰহ্মোছে। সেই ক্ষেপণাস্ত্ৰ গৈ পাকিস্তানৰ ভিতৰত সোমাই পৰিছিল। তেতিয়াই ওমান পোৱা গৈছিল ব্ৰহ্মোচৰ কাৰ্যক্ষমতা।

ব্ৰহ্মোছক লৈ কি কি পৰিকল্পনা আছে ভাৰতৰ?

  • অপাৰেছন সেন্দূৰৰ পাছতেই ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰৰ সংখ্যা আৰু বৈচিত্ৰতা বঢ়োৱাৰ পথত আগুৱাইছে ভাৰত। আছে কেইবাটাও ডাঙৰ পৰিকল্পনা।
  • ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰৰ উৎক্ষেপণ কৰা স্থানৰ পৰা লক্ষ্যবস্তুক আক্ৰমণ কৰিব পৰা দূৰত্ব ৮০০ কিঃমিঃলৈ বৃদ্ধি কৰা হৈছে। বৰ্তমান তৈয়াৰ হৈ আছে ব্ৰহ্মোছৰ এই নতুন সংস্কৰণ।
  • ছাবমেৰিনৰ পৰা এৰিব পৰাকৈ নতুন এক সংস্কৰণ তৈয়াৰ কৰি থকা হৈছে। এই নতুন ব্ৰহ্মোছৰ পৰীক্ষা অচিৰেই কৰা হব। ভাৰতীয় ছাবমেৰিনসমূহত পৰীক্ষণৰ পাছতেই এয়া স্থাপন কৰা হব।
  • ৰাফেল আৰু অন্যান্য যুদ্ধবিমানৰ বাবে এক সৰু আকাৰৰ আৰু পাতল ওজনৰ ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ বিকাশৰ কাম চলিছে।
  • এক হাইপাৰছনিক ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ তৈয়াৰৰ কামো চলিছে। যিয়ে এই ক্ষেপণাস্ত্ৰৰ গতি আৰু টিকি থকাৰ ক্ষমতাক পৰবৰ্তী স্তৰলৈ লৈ যাব বুলি দাবী প্ৰতিৰক্ষা বিজ্ঞানীৰ।

ব্ৰহ্মোছৰ হাতত ধৰি ভাৰতে প্ৰতিৰক্ষা আমদানীকাৰী দেশৰ পৰা প্ৰতিৰক্ষা ৰপ্তানীকাৰী দেশ হোৱাৰ দিশত আগুৱাইছে ভাৰত। ইতিমধ্যেই ব্ৰহ্মোছৰ ছুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ সৰবৰাহ কৰা হৈছে ফিলিপাইনছলৈ। ভিয়েটনামসহ দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশ আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহেও এই ক্ষেপণাস্ত্ৰ ব্য়ৱস্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে বুলি জনা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
‘যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে’, ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

'যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে', ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

আজি এই ৪ মুল্যাংকৰ লোকৰ ভাগ্য জিলিকিব তৰাৰ দৰে, পাব শুভ সংবাদ

আজি এই ৪ মুল্যাংকৰ লোকৰ ভাগ্য জিলিকিব তৰাৰ দৰে, পাব শুভ সংবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.