• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে

শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে

4 years ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

25 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

1 hour ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

2 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

4 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

6 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে

শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে

editor by editor
July 11, 2022
in ভাৰত
0
শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে। প্ৰথম পৰ্যায়ত ৩,৭০০ মেট্ৰিক টন ৰন্ধন গেছ। দ্বিতীয় পৰ্যায়ত ৩,৭৪০ মেট্ৰিক টন ৰন্ধন গেছ।

তৃতীয় পৰ্যায়ত ৩,২০০ মেট্ৰিক টন ৰন্ধন গেছ। পুনৰ শান্তি আহিব দ্বীপ ৰাষ্ট্ৰলৈ। জনতাৰ পাকঘৰত নজ্বলিছিল চৌকা। জনতাৰ ৰোষত জ্বলিছিল দ্বীপ ৰাষ্ট্ৰ।

শ্ৰীলংকাৰ বিধ্বস্ত অৰ্থনীতিৰ বাবে ৰাষ্ট্ৰখনত উৎপত্তি হৈছে সামাজিক জটিলতা৷ ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে জনতা৷

সাম্প্ৰতিক ঘটনাৱলীয়ে স্পষ্ট কৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সংকটৰ কাৰণ৷ এই সংকটৰ আঁৰত আছিল ইন্ধনৰ অভাৱ আৰু অস্বাভাৱিক মূল্যবৃদ্ধি৷ পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছিল শ্ৰীলংকাৰ জনসাধাৰণক৷ (photo) একেদৰে ৰন্ধন গেছৰ মূল্যবৃদ্ধি আৰু নাটনিত স্তব্ধ হৈ পৰিছিল জনতাৰ দৈনন্দিন জীৱন৷

অন্য অৰ্থত পাকঘৰত চৌকা জ্বলাই খাদ্য প্ৰস্তুত কৰিবলৈও ইন্ধন পোৱা নাছিল শ্ৰীলংকাৰ লক্ষ্য লক্ষ্য নাগৰিকে৷ স্তব্ধ হৈ পৰিছিল জীৱন আৰু তাৰ পৰিণতিতে ক্ষোভৰ উদ্গীৰণ ঘটিছিল দ্বীপ ৰাষ্ট্ৰখনত৷

খোদ ৰাষ্ট্ৰপতি গটাব্বেয়া ৰাজাপাক্ষ আৰু প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংঘে পলায়ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল৷ ক্ষোভিত জনতাই দখল কৰিছে ৰাষ্ট্ৰপতি ভৱন৷ প্ৰশাসন যন্ত্ৰ অকামিলা হৈ পৰিছে৷

আৰু সেই সময়তে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ দ্বীপখনক মহা সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন nda চৰকাৰে৷

যি অভাৱৰ বাবে দ্বীপ ৰাষ্ট্ৰখনত সৃষ্টি হৈছিল অভাৱনীয় গণ বিক্ষোভ সেই অভাৱ পূৰণ কৰিবলৈ পদক্ষেপ লৈছে ভাৰত চৰকাৰে৷ সেই অনুসৰি দ্বীপ ৰাষ্ট্ৰখনলৈ প্ৰেৰণ কৰা হ’ব ৩৩ হাজাৰ মেট্ৰিক টনতকৈয়ো অধিক ৰন্ধন গেছ৷

আৰু তাৰ লগে লগে দ্বীপ ৰাষ্ট্ৰখনে ইন্ধনৰ অভাৱৰ পৰা মুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে৷ খোদ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি সচিবালয়ৰ পৰা জনতাক উদ্দেশ্যি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে ১১ জুলাইত৷

অৰ্থাৎ ভাৰতৰ প্ৰত্যক্ষ সহযোগ আৰু সমৰ্থনৰ বাবেহে দ্বীপ ৰাষ্ট্ৰখনত শান্তি স্থাপন হোৱাৰ পথ প্ৰশস্ত হৈছে৷ অদূৰ ভৱিষ্যতে এয়া হয়তো ভাৰতবৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক বিশেষ বিজয় হিচাপে পৰিগণিত হ’ব৷

তাৰ লগে লগে আৰম্ভ হৈছে অন্তৱৰ্তীকালীন চৰকাৰ গঠন প্ৰক্ৰিয়া৷ ১৩ জুলাইত পদত্যাগ কৰিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে।

শ্ৰীলংকাৰ সেনা প্ৰধান জেনেৰেল সোভেন্দ্ৰ চিলভাই সংবাদ মাধ্যমক জনোৱা অনুসৰি অহা ১৩ জুলাইত ভাৰতবৰ্ষৰ পৰা শ্ৰীলংকাই লাভ কৰিব ৩,৭৪০ মেট্ৰিকটন ৰন্ধন গেছ৷ আৰু সেইটো নিশ্চিত হোৱাৰ পাছতে ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব গটাব্বেয়া ৰাজাপাক্ষই৷

প্ৰশস্ত হ’ব পৰৱৰ্তী চৰকাৰ গঠন প্ৰক্ৰিয়া৷ শ্ৰীলংকা সদনৰ অধ্যক্ষগৰাকীয়ে দাবী কৰা অনুসৰি ১৩ অথবা ১৪ জুলাইত গঠন হ’ব অন্তৱৰ্তীকালীন চৰকাৰ৷ আৰু তাৰ লগে লগে দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ধাৰণা কৰা হৈছে৷

দেশখনক বিত্তীয় সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে নিউ ক্ৰেডিট লাইন পলিচীও ইতিমধ্যে ঘোষণা কৰিছে৷ এই সিদ্ধান্ত দক্ষিণ পূব এছিয়াত শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ হিচাপে চিহ্নিত হ’ব বুলি আশা কৰিব পাৰি৷

অৱশ্যে শ্ৰীলংকাৰ ঘটনাই এইটো স্পষ্ট কৰিলে যে জনতাৰ পাকঘৰত জুই নজ্বলিলে দাওদাওকৈ জ্বলি উঠে ৰাষ্ট্ৰৰ বৰঘৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam ka newsassam ka tazza khabarastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamcovid vaccinehoroscope in assameseRATNA KUBER HOROSCOPE ADVICEsarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

নিউম'নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?

ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.