• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেহেলগ্ৰামৰ প্ৰতিশোধ ল’বলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব নেকি ভাৰতে? সংঘাত আৰম্ভ হওঁতেই জানি থওক কিমান শক্তিশালী ভাৰতীয় সেনা, পাকিস্তানতকৈ কিমান বেছি অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে ভাৰতৰ হাতত?

পেহেলগ্ৰামৰ প্ৰতিশোধ ল’বলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব নেকি ভাৰতে? সংঘাত আৰম্ভ হওঁতেই জানি থওক কিমান শক্তিশালী ভাৰতীয় সেনা, পাকিস্তানতকৈ কিমান বেছি অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে ভাৰতৰ হাতত?

12 months ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

5 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

5 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

7 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

8 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

8 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

9 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

10 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

10 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

11 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

12 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেহেলগ্ৰামৰ প্ৰতিশোধ ল’বলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব নেকি ভাৰতে? সংঘাত আৰম্ভ হওঁতেই জানি থওক কিমান শক্তিশালী ভাৰতীয় সেনা, পাকিস্তানতকৈ কিমান বেছি অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে ভাৰতৰ হাতত?

পেহেলগ্ৰামৰ প্ৰতিশোধ ল’বলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব নেকি ভাৰতে? সংঘাত আৰম্ভ হওঁতেই জানি থওক কিমান শক্তিশালী ভাৰতীয় সেনা, পাকিস্তানতকৈ কিমান বেছি অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে ভাৰতৰ হাতত?

editor by editor
April 23, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
পেহেলগ্ৰামৰ প্ৰতিশোধ ল’বলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব নেকি ভাৰতে? সংঘাত আৰম্ভ হওঁতেই জানি থওক কিমান শক্তিশালী ভাৰতীয় সেনা, পাকিস্তানতকৈ কিমান বেছি অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে ভাৰতৰ হাতত?
0
SHARES
668
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ সন্ত্ৰাসে ৰক্তাক্ত কৰিছে কাশ্মীৰ৷ পহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে ২৬গৰাকীকৈ নিৰীহ পৰ্যটক৷ নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰো আশংকা আছে৷ নাৰকীয় হত্যাকাণ্ডৰ নেপথ্যত যি পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনৰ হাত আছে সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে৷ প্ৰতিশোধ ল’বলৈ পশ্চিমৰ প্ৰতিবেশী এই দেশত সোমাই আকৌ ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে ভাৰতীয় সেনাই৷ সেই বিষয়ে পুৱাৰে পৰাই সামাজিক মাধ্যমত অব্যাহত আছে চৰ্চা৷

বিশেষজ্ঞৰ দাবী, ছাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে সেনা অভিযানৰ সিদ্ধান্ত লোৱা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে কঠিন এক বিষয়৷ কাৰণ এই ক্ষেত্ৰত প্ৰত্যাঘাতৰ ৰাস্তা বাছি ল’ব পাৰে ইছলামাবাদে৷ তেতিয়াই পাৰমাণৱিক শক্তিধৰ পাকিস্তানৰ সৈতে যুদ্ধত নমাৰ বাবে অন্য পন্থা নাথাকিব ভাৰতৰ হাতত৷ আণবিক অস্ত্ৰৰ নিৰিখত অৱশ্যেই পশ্চিমৰ প্ৰতিবেশী দেশতকৈ আগুৱাই আছে নতুন দিল্লী৷

উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি ভাৰত-পাক পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগিতা কেইবাগুণো বৃদ্ধি পাইছে৷ এই ক্ষেত্ৰত সম্প্ৰতি এক ৰিপৰ্টো প্ৰকাশ কৰিছে ফেডাৰেছন অফ আমেৰিকান ছায়েণ্টিছ নামৰ বিজ্ঞানী সংগঠনে৷ তাতেই দুই দেশৰ আণৱিক অস্ত্ৰভাণ্ডাৰৰ এখন ছবি তুলি ধৰাৰ চেষ্টা কৰিছে তেওঁলোকে৷ মাৰ্কিন গৱেষকৰ দাবী এই ক্ষেত্ৰত ইছলামাবাদতকৈ কেইবা যোজন আগুৱাই আছে ভাৰতীয় ফৌজ৷

ফেডাৰেছন অফ আমেৰিকান ছায়েণ্টিষ্টৰ ৰিপৰ্ট অনুসৰি বৰ্তমান নতুন দিল্লীৰ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা ১৮০৷ পাক সেনাৰ হাতত আছে ১৭০ টা আণৱিক অস্ত্ৰ৷ উল্লেখ্য যে বিশ্বৰ মুঠ ৯খন দেশৰ ওচৰত আছে এই গণবিধ্বংসী হাঁথিয়াৰ৷ ভাৰত আৰু পাকিস্তানৰ ওপৰিও পাৰমাণৱিক অস্ত্ৰ থকা দেশ হৈছে ৰাছিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ফ্ৰান্স, চীন, উত্তৰ কোৰিয়া, ইজৰাইল৷

বিশ্বৰ পাৰমাণৱিক শক্তিৰ ৰাষ্ট্ৰ শীৰ্ষক সেই প্ৰতিবেদনত মাৰ্কিন বিজ্ঞানীসকলে কৈছে যে এবছৰ পূৰ্বেও ভাৰতৰ মুঠ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা আছিল ১৭৪৷ ইয়াৰ পাছতেই আকৌ ৬টা আণৱিক অস্ত্ৰৰ সংখ্যা বৃদ্ধি কৰে নতুন দিল্লীয়ে৷ পাকিস্তানে অৱশ্যে আৰু অস্ত্ৰ বঢ়াব পৰা নাই৷ ৰিপৰ্টত কোৱা হৈছে, বিশ্বৰ কেইবাখনো দেশৰ ওচৰত সমৃদ্ধ ইউৰেনিয়াম(হাইলি এনৰিছড ইউৰেনিয়াম) আছে৷ ভাৰত তাৰ মাজত অন্যতম৷ উল্লেখ্য যে পাৰমাণৱিক হাঁথিয়াৰ আৰু পাৰমাণৱিক শক্তিচালিত ডুবাৰুজাহাজ তৈয়াৰ কৰাৰ ক্ষেত্ৰত ইউৰেনিয়ামৰ প্ৰয়োজন হয়৷

ইউৰেনিয়ামক বাদ দি প্লুটনিয়ামৰ সহায়তো পাৰমাণৱিক বোমা তৈয়াৰ কৰিব পাৰি৷ মাৰ্কিন বিজ্ঞানীয়ে জনাইছে যে অস্ত্ৰ নিৰ্মাণৰ বাব সমৃদ্ধ প্লুটনিয়াম বহুল পৰিমাণে উৎপাদন কৰিছে নতুন দিল্লীয়ে৷ ২০২৩ চনত এক আন্তৰ্জাতিক পেনেলে জাৰি কৰা তথ্য অনুসৰি পাৰমাণৱিক বোমা তৈয়াৰৰ বাবে ভাৰতৰ হাতত আছে প্ৰায় ৬৮০কিঃগ্রাঃ প্লুটনিয়াম৷ ইয়াৰ সহায়তেই ১৩০ ৰ পৰা ২১০ টা আণৱিক বোমা নিৰ্মাণ কৰা সম্ভৱ৷

উল্লেখ কৰা প্ৰয়োজন যে জল-স্থল-আকাশ আৰু সমুদ্ৰৰ গভীৰৰ পৰা পাৰমাণৱিক আক্ৰমণ চলাবলৈ সক্ষম ভাৰত৷ ফৌজৰ পৰিভাষাত ইয়াক কোৱা হয় নিউক্লিয়াৰ ট্ৰায়েড৷ এই ক্ষমতা এতিয়াও অৰ্জন কৰিব পৰা নাই পাকিস্তানে৷ ভাৰতীয় বায়ুসেনাৰ হাতত আছে ফৰাচি সংস্থা দাঁছো এভিয়েছনেৰে তৈয়াৰ কৰা ৰাফেল যুদ্ধবিমান৷ এই যুদ্ধবিমানে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বহন কৰিব পাৰে৷ ইয়াৰোপৰি পাৰমাণৱিক আক্ৰমণ চলোৱাৰ হাহে অগ্নি ছিৰিজৰ একাধিক ক্ষেপণাস্ত্ৰ আছে ভাৰতীয় সেনাৰ অস্ত্ৰাগাৰত৷ ৰাছিয়াৰ যৌথ উদ্যোগত তৈয়াৰ কৰা ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ৷ ই আণৱিক অস্ত্ৰ লৈ উৰিবলৈকো সক্ষম৷

সেনাৰ ওপৰিও ভাৰতীয় বায়ুসেনা আৰু নৌসেনাইও ব্ৰহ্মছ ব্যৱহাৰ কৰে৷ নৌবাহিনীৰ হাতত আছে কে-১৫ সাগৰিকা নামৰ এক ক্ষেপণাস্ত্ৰ৷ ই এবাৰতে ৩৫০০ কিঃমিঃ দূৰত্বলৈকে যাব পাৰে৷ এয়া মূল ডুবাৰুজাহাজত ব্যৱহাৰ কৰা হয়৷ সংশ্লিষ্ট ক্ষেপণাস্ত্ৰবিধৰ সহায়ত অনায়াসেই পাৰমাণৱিক আক্ৰমণ কৰা সম্ভৱ৷

উদ্বেগৰ বিষয় এয়াই যে পাৰমাণৱিক শক্তিধৰ দেশসমূহৰ এই ভয়ংকৰ গণবিধ্বংসী হাঁথিয়াৰ হ্ৰাস কৰাৰ সলনি বাঢ়িয়েই আছে৷ ইয়াৰোপৰি আছে আণৱিক অস্ত্ৰাগাৰ আধুনিকীকৰণৰ কামো চলি আছে৷ মাৰ্কিন গৱেষকসকলৰ দাবী যে, বৰ্তমান বিশ্বত মুঠ পাৰমাণৱিক অস্ত্ৰ সংখ্যা ১২ হাজাৰ ৩৩১৷ ইয়াৰ মাজত ৯,৬০৪টা ক্ষেউণাস্ত্ৰ, যি স্থল, বিমান আৰু নৌবাহিনীয়ে ব্যৱহাৰ কৰিব পাৰে৷

মাৰ্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ব্ৰিটেইন আৰু ফ্ৰান্সৰ হাতত আছে ২১০০ টা পাৰমাণৱিক বোমা৷ সেইসমূহ অতি সতৰ্কতাৰে ৰখা হৈছে৷ খুব কম সময়ৰ মাজত আক্ৰমণৰ বাবে এইসমূহ প্ৰস্তুত কৰিব পাৰি৷ আণৱিক বোমা পেলোৱাৰ বাবে বোমাৰু বিমানৰ প্ৰয়োজন হয়৷ সেয়া অৱশ্যে বৰ্তমান ভাৰতীয় বায়ুসেনাৰ হাতত নাই৷

সূত্ৰৰ খবৰ অনুসৰি উত্তৰ কোৰিয়া আৰু পাকিস্তানৰ পাৰমাণৱিক হাঁথিয়াৰৰ সংখ্যা বৃদ্ধিৰ বাবে চেষ্টা চলাই থকা হৈছে৷ বিশ্বত মুঠ আণৱিক বোমাৰ ৮৮শতাংশই আছে আমেৰিকা আৰু ৰাছিয়াৰ হাতত৷ বিগত কেইবা বছৰ ধৰি পাৰমাণৱিক হাঁথিয়াৰ বৃদ্ধি কৰা নাই ফ্ৰান্স আৰু ইজৰাইলে৷ অন্যহাতে চীন এই সংখ্যাৰে ৬০০ আগুৱাই আছে৷

কেইবাদিন পূৰ্বে এক অনুষ্ঠানত হিন্দুৰ নাম লৈ বিষেদগাৰ কৰিছিল পাক সেনাপ্ৰধান জেনাৰেল আছিম মুনিৰে৷ ঠিক তাৰ পাছতেই কাশ্মীৰৰ পেহেলগ্ৰামত হৈছে এই সন্ত্ৰাসী আক্ৰমণ৷ ঘটনাৰ কেইঘণ্টাৰ ভিতৰতেই সমস্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে পাক মদতপুষ্ঠ সন্ত্ৰাসবাদী গোট লস্কৰ ই তৈবাৰ ভগ্নী সংগঠন দ্যা ৰেজিষ্টেন্স ফ্লণ্টে৷

বিগত বছৰৰ জুন মাহত জন্মু কাশ্মীৰৰ ৰেইছি জিলাত তীৰ্থযাত্ৰীসকলৰ বাছতো আক্ৰমণ চলাইছিল TRFয়ে৷ তাতেই মৃত্যু হৈছিল অন্তত ১০ জনৰ৷ কুখ্যাত সন্ত্ৰাসবাদী নেতা শ্বেখ ছাজ্জাদ গুলৰ হাতত ধৰি লস্কৰ ই তৈবাৰ ভগ্নী সংগঠন TRFৰ জন্ম হৈছিল ২০১৯ চনত৷ কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলোপ হোৱাৰ সময়তেই TRFৰ জন্ম৷ TRF সন্ত্ৰাসবাদী গোষ্ঠীৰ দ্ৰুত বিস্তাৰত ভূমিকা আছে পাক গুপ্তচৰ সংস্থা আইএছআইৰ৷ ২০২৩ চনৰ TRFক সন্ত্ৰাসবাদী গোষ্ঠী হিচাপে চিহ্নিত কৰি তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্রই৷

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত TRFৰ কনভয়ত আত্মঘাতী আক্ৰমণ চলাইছে জইছ ই মহম্মদৰ এক সন্ত্ৰাসবাদীয়ে৷ তাতেই প্ৰাণ হেৰুৱাই ৪০জন নিৰাপত্তাকৰ্মীয়ে৷ সেই ঘটনাৰ পাছতেই পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ বালাকোটত জইছ সন্ত্ৰাসীৰ কেম্পত বিমান আক্ৰমণ চলাই ভাৰতীয় বায়ুসেনাই৷

২০১৬ চনৰ ১৮ ছেপ্টেম্বৰত জম্মু কাশ্মীৰৰ উৰি কেম্পত সোমাই আক্ৰমণ চলাইছিল চাৰি জইছ সন্ত্ৰাসবাদীয়ে৷ তাত প্ৰাণ হেৰুৱাইছিল ১৯ জন সৈনিকে৷ তাৰ কেইদিনমানৰ পাছতেই পাকিস্তান অধিকৃত কাশ্মীৰত সোমাই ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ভাৰতীয় সেনাই৷ তাতো সন্ত্ৰাসবাদীৰ একাধিক লঞ্চপেড ধ্বংস কৰিছিল ভাৰতীয় সেনাই৷

বালাকোট বিমান আক্ৰমণৰ পাছত অৱশ্যে বহি থকা নাছিল পাকিস্তানো৷ প্ৰত্যাঘাত কৰিবলৈ ভাৰতৰ আকাশসীমা লংঘনৰ চেষ্টা কৰিছিল ইছলামাবাদৰ বায়ুসেনাই৷ কিন্তু তাত ফল বিপৰীতহে পায় পাকিস্তানে৷ তেওঁলোকৰ অতিশক্তিশালী এফ-১৬ যুদ্ধবিমানক গুলি কৰি নমায় আনে ভাৰতীয় বায়ুসেনাই৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ২০১৯ চনত পুলৱামা আক্ৰমণৰ সময়ত আই এছ আইৰ প্ৰধান আছিল বৰ্তমান জেনেৰেল মুনিৰ৷ জইছৰ আত্মঘাতী আক্ৰমণৰ পৰিকল্পনাৰ আঁৰত তেওঁৰ হাত থকা বুলি ধাৰণা কৰিছিল প্ৰতিৰক্ষা বিশ্লেষকৰ একাংশই৷ এইবাৰো তেনে কোনো লোকৰেই হাত আছে নেকি? সেই প্ৰশ্নও উঠা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
‘এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা’, ভূস্বৰ্গ কাশ্মীৰৰ ঘটনাক লৈ কি কৈছে ভাইজান ছলমানে?

‘এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা’, ভূস্বৰ্গ কাশ্মীৰৰ ঘটনাক লৈ কি কৈছে ভাইজান ছলমানে?

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.