আকৌ সন্ত্ৰাসে ৰক্তাক্ত কৰিছে কাশ্মীৰ৷ পহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে ২৬গৰাকীকৈ নিৰীহ পৰ্যটক৷ নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰো আশংকা আছে৷ নাৰকীয় হত্যাকাণ্ডৰ নেপথ্যত যি পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনৰ হাত আছে সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে৷ প্ৰতিশোধ ল’বলৈ পশ্চিমৰ প্ৰতিবেশী এই দেশত সোমাই আকৌ ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে ভাৰতীয় সেনাই৷ সেই বিষয়ে পুৱাৰে পৰাই সামাজিক মাধ্যমত অব্যাহত আছে চৰ্চা৷
বিশেষজ্ঞৰ দাবী, ছাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে সেনা অভিযানৰ সিদ্ধান্ত লোৱা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে কঠিন এক বিষয়৷ কাৰণ এই ক্ষেত্ৰত প্ৰত্যাঘাতৰ ৰাস্তা বাছি ল’ব পাৰে ইছলামাবাদে৷ তেতিয়াই পাৰমাণৱিক শক্তিধৰ পাকিস্তানৰ সৈতে যুদ্ধত নমাৰ বাবে অন্য পন্থা নাথাকিব ভাৰতৰ হাতত৷ আণবিক অস্ত্ৰৰ নিৰিখত অৱশ্যেই পশ্চিমৰ প্ৰতিবেশী দেশতকৈ আগুৱাই আছে নতুন দিল্লী৷
উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি ভাৰত-পাক পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগিতা কেইবাগুণো বৃদ্ধি পাইছে৷ এই ক্ষেত্ৰত সম্প্ৰতি এক ৰিপৰ্টো প্ৰকাশ কৰিছে ফেডাৰেছন অফ আমেৰিকান ছায়েণ্টিছ নামৰ বিজ্ঞানী সংগঠনে৷ তাতেই দুই দেশৰ আণৱিক অস্ত্ৰভাণ্ডাৰৰ এখন ছবি তুলি ধৰাৰ চেষ্টা কৰিছে তেওঁলোকে৷ মাৰ্কিন গৱেষকৰ দাবী এই ক্ষেত্ৰত ইছলামাবাদতকৈ কেইবা যোজন আগুৱাই আছে ভাৰতীয় ফৌজ৷
ফেডাৰেছন অফ আমেৰিকান ছায়েণ্টিষ্টৰ ৰিপৰ্ট অনুসৰি বৰ্তমান নতুন দিল্লীৰ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা ১৮০৷ পাক সেনাৰ হাতত আছে ১৭০ টা আণৱিক অস্ত্ৰ৷ উল্লেখ্য যে বিশ্বৰ মুঠ ৯খন দেশৰ ওচৰত আছে এই গণবিধ্বংসী হাঁথিয়াৰ৷ ভাৰত আৰু পাকিস্তানৰ ওপৰিও পাৰমাণৱিক অস্ত্ৰ থকা দেশ হৈছে ৰাছিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ফ্ৰান্স, চীন, উত্তৰ কোৰিয়া, ইজৰাইল৷
বিশ্বৰ পাৰমাণৱিক শক্তিৰ ৰাষ্ট্ৰ শীৰ্ষক সেই প্ৰতিবেদনত মাৰ্কিন বিজ্ঞানীসকলে কৈছে যে এবছৰ পূৰ্বেও ভাৰতৰ মুঠ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা আছিল ১৭৪৷ ইয়াৰ পাছতেই আকৌ ৬টা আণৱিক অস্ত্ৰৰ সংখ্যা বৃদ্ধি কৰে নতুন দিল্লীয়ে৷ পাকিস্তানে অৱশ্যে আৰু অস্ত্ৰ বঢ়াব পৰা নাই৷ ৰিপৰ্টত কোৱা হৈছে, বিশ্বৰ কেইবাখনো দেশৰ ওচৰত সমৃদ্ধ ইউৰেনিয়াম(হাইলি এনৰিছড ইউৰেনিয়াম) আছে৷ ভাৰত তাৰ মাজত অন্যতম৷ উল্লেখ্য যে পাৰমাণৱিক হাঁথিয়াৰ আৰু পাৰমাণৱিক শক্তিচালিত ডুবাৰুজাহাজ তৈয়াৰ কৰাৰ ক্ষেত্ৰত ইউৰেনিয়ামৰ প্ৰয়োজন হয়৷
ইউৰেনিয়ামক বাদ দি প্লুটনিয়ামৰ সহায়তো পাৰমাণৱিক বোমা তৈয়াৰ কৰিব পাৰি৷ মাৰ্কিন বিজ্ঞানীয়ে জনাইছে যে অস্ত্ৰ নিৰ্মাণৰ বাব সমৃদ্ধ প্লুটনিয়াম বহুল পৰিমাণে উৎপাদন কৰিছে নতুন দিল্লীয়ে৷ ২০২৩ চনত এক আন্তৰ্জাতিক পেনেলে জাৰি কৰা তথ্য অনুসৰি পাৰমাণৱিক বোমা তৈয়াৰৰ বাবে ভাৰতৰ হাতত আছে প্ৰায় ৬৮০কিঃগ্রাঃ প্লুটনিয়াম৷ ইয়াৰ সহায়তেই ১৩০ ৰ পৰা ২১০ টা আণৱিক বোমা নিৰ্মাণ কৰা সম্ভৱ৷
উল্লেখ কৰা প্ৰয়োজন যে জল-স্থল-আকাশ আৰু সমুদ্ৰৰ গভীৰৰ পৰা পাৰমাণৱিক আক্ৰমণ চলাবলৈ সক্ষম ভাৰত৷ ফৌজৰ পৰিভাষাত ইয়াক কোৱা হয় নিউক্লিয়াৰ ট্ৰায়েড৷ এই ক্ষমতা এতিয়াও অৰ্জন কৰিব পৰা নাই পাকিস্তানে৷ ভাৰতীয় বায়ুসেনাৰ হাতত আছে ফৰাচি সংস্থা দাঁছো এভিয়েছনেৰে তৈয়াৰ কৰা ৰাফেল যুদ্ধবিমান৷ এই যুদ্ধবিমানে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বহন কৰিব পাৰে৷ ইয়াৰোপৰি পাৰমাণৱিক আক্ৰমণ চলোৱাৰ হাহে অগ্নি ছিৰিজৰ একাধিক ক্ষেপণাস্ত্ৰ আছে ভাৰতীয় সেনাৰ অস্ত্ৰাগাৰত৷ ৰাছিয়াৰ যৌথ উদ্যোগত তৈয়াৰ কৰা ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ৷ ই আণৱিক অস্ত্ৰ লৈ উৰিবলৈকো সক্ষম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ