এটাৰ পাছত এটাকৈ সঁচা হৈ আছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ভাৰত-পাকিস্তানৰ যুদ্ধ অন্যতম
বুলগেৰিয়াৰ বিখ্যাত ভৱিষ্যদ্বাণী বাবা ভাংগাই কৰা বেছিভাগ ভৱিষ্যদ্বাণী সঁচা বুলি প্ৰমাণিত হৈ আহিছে। সেয়া লাগিলে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাই হওক বা বহু প্ৰাকৃতিক দুৰ্যোগেই হওক বা ৰাছিয়া-ইউক্ৰেইন যুদ্ধই হওক।
সেই বাবা ভাংগাই কৰি যোৱা ২০২৫ বৰ্ষৰ ভৱিষ্যদ্বাণী সম্পৰ্কে এতিয়া বিশেষভাৱে চৰ্চিত হৈছে। বাব ভাংগাই এই বৰ্ষৰ বাবে কৰা কেইবাটাও ভৱিষ্যদ্বাণী এতিয়া সঁচা হোৱাৰ দিশে, যি ইতিমধ্যে আৰম্ভ হোৱাৰ দৰেই। তাৰে ভিতৰত ভূমিকম্প, প্ৰলয়, AI, লগতে যুদ্ধ।
ইয়াৰে ভূমিকম্পৰ ভৱিষ্যদ্বাণী ইতিমধ্যে সঁচা প্ৰমাণিত। জাপানত অহা প্ৰয়ংকাৰী ভূমিকম্পত প্ৰাণ হেৰুৱালে ১৭০০ লোকে। যুদ্ধ ৰাছিয়া-ইউক্ৰেইন, ইয়াৰোপৰি এতিয়া ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক যি যুদ্ধৰ আৰম্ভণি। লগতে এ আইৰ বিকশিত ৰূপ।
মৃত্যুৰ আগতে বাবা ভাংগাই এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ কৈছিল যে এনে এটা প্ৰযুক্তি আহিব যিয়ে চিকিৎসকতকৈও দ্ৰুতগতিত মানুহৰ ৰোগ ধৰা পেলাব। ২০২৪ চনত এআই প্ৰযুক্তিৰ আগমন আৰু প্ৰযুক্তিৰ জগতখনৰ পৰিৱৰ্তনে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক সত্য কৰি তুলিছে।
ইয়াৰ লগতে ২০২৫ চনত গৰমৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ কৈছিল যে এই বছৰ গৰমৰ পৰিমান বহু বৃদ্ধি পাব। অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰাও এইবাৰ অন্য বৰ্ষৰ তুলনাত এই বৰ্ষত বৰষুণ কম হব। ইতিমধ্যে এপ্ৰিল মাহৰ গৰম ইমানেই তীব্ৰ যে বিগত তিনি বছৰৰ অভিলেখ ভংগ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















