পাকিস্তানৰ কেৱল এখন দেশেই বন্ধু, য’ৰ পৰা ৮১ শতাংশ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে পাকে, যি ভাৰতৰ শত্ৰু
ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিয়া পাকিস্তানক বিশ্বৰ মাত্ৰ এখন দেশৰ দ্বাৰাহে সুৰক্ষা প্ৰদান কৰা হৈছে। মুঠ অস্ত্ৰৰ ৮১ শতাংশ কেৱল সেই দেশৰ পৰাই আহে পাকিস্তানলৈ। বিগত ১৫ বছৰত পাকিস্তান এই দেশৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছে।
আমোদজনক কথাটো হ’ল পাকিস্তান আৰু পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা দেশ দুয়োখনেই ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু। ইয়াত চীনৰ কথাই কোৱা হৈছে। এতিয়া সেই চীনৰ পৰা লোৱা অস্ত্ৰৰ দ্বাৰাই লজ্জাত পৰিছে পাকিস্তান, কাৰণ কামত অহা নাই একো অস্ত্ৰ। মিছাইল বোৰও কৰিব পৰা নাই সঠিক কাম।
২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত পাকিস্তানক সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হৈছে চীনৰ পৰাই। পাকিস্তানৰ মুঠ অস্ত্ৰ আমদানিত কেৱল চীনৰ ৮১ শতাংশ অংশীদাৰিত্ব আছে। ইয়াৰ পিছতে নেদাৰলেণ্ড, য’ৰ পৰা পাকিস্তানক ৫.৫ শতাংশ অস্ত্ৰ যোগান ধৰা হৈছিল আৰু এতিয়া এই বিষয়ত ৩.৮ শতাংশ অংশীদাৰিত্বৰে তুৰস্কই তৃতীয় স্থানত হৈছে।
২০০৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত চীনৰ পৰা পাকিস্তানক ৫১ শতাংশ অস্ত্ৰ যোগান ধৰা হৈছিল, যিটো ২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ৭৩ শতাংশলৈ বৃদ্ধি পাইছিল।
চীনৰ পৰা পাকিস্তানলৈ অস্ত্ৰৰ যোগান বৃদ্ধি পোৱাৰ লগে লগে আমেৰিকাৰ পৰা পাকিস্তানৰ দূৰত্ব বৃদ্ধি পাইছে। এটা সময়ত আমেৰিকাই আছিল পাকিস্তানৰ বাবে অস্ত্ৰ যোগানকাৰী সৰ্বাধিক। ২০০৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত পাকিস্তানে আমেৰিকাৰ পৰা ৩০ শতাংশ অস্ত্ৰ ক্ৰয় কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ