জেঠ মাহৰ অমাবস্যা তিথিত পালিত হয় শনি জয়ন্তী৷ শাস্ত্ৰ অনুসৰি এই দিনটোতেই শনি দেৱতাৰ আবিৰ্ভাৱ তিথি হিচাপে গণ্য কৰা হয়৷ শনি জয়ন্তীত গ্ৰহৰাজৰ আৰাধনা কৰিলে তেওঁ তুষ্ট হয় বুলি ধাৰণা কৰা হয়৷ বিশেষকৈ শনিৰ দশা চলিলে শনি জয়ন্তীত শনিৰ পূজা কৰা অত্যন্ত শুভ৷
শনি জয়ন্তী কেতিয়া?
প্ৰতি বছৰ জেঠ মাহৰ অমাবস্যা তিথিত শনি জয়ন্তী পালিত হয়৷ এই বছৰ জেঠ মাহৰ অমাবস্যা পৰিছে আগন্তুক ২৬ মে ১২ বাজি ১১ মিনিটত৷ অমাবস্যা থাকিব পাছৰ দিনা অৰ্থাৎ ২৭ মে পুৱা ৮ বাজি ৩১ মিনিটলৈকে৷ উদয়া তিথি অনুসৰি শনি জয়ন্তী পালিত হব ২৭ মে মঙলবাৰে৷
শনি জয়ন্তীত শুভ যোগ
এই বছৰ শনি জয়ন্তীত আছে শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ৷ এই দুই যোগৰ প্ৰভাৱত বিভিন্ন ৰাশিৰ জাতক নানান দিশৰ পৰা লাভৱান হব৷ জানি থওক শনি জয়ন্তীত গ্ৰহৰাজৰ কৃপাত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক৷ শনিৰ কৃপাত আৰ্থিক সংকট আৰু কেৰিয়াৰৰ সমস্যাৰ পৰা মুক্তি পাব এই সকলো ৰাশিৰ জাতকে৷ জানি থওক শনি জয়ন্তীত শনিৰ কৃপা থাকিব কোন কোন ৰাশিত?
তুলা ৰাশি
শনি দেৱতাৰ অতি প্ৰিয় তুলা ৰাশিৰ জাতক৷ শনি জয়ন্তীত শনিৰ কৃপা থাকিব এই ৰাশিত৷ দাম্পত্য জীৱনত এই সময়ত সুখ আৰু ভালপোৱা বাঢ়িব৷ অবিবাহিতসকলৰ বিবাহ ঠিক হব পাৰে৷ তুলা ৰাশিৰ জাতকে এই সময়ত বিবাহ কৰাব পাৰে৷ শনিৰ কৃপাত আপোনাৰ স্বাস্থ্যৰ উন্নতি হব৷
মকৰ ৰাশি
শনি জয়ন্তীত কোনো সুখবৰ পাব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজত আপোনাৰ কামৰ প্ৰশংসা আৰু মান্যতা পাব৷ এই সময়ত ডাঙৰ আৰ্থিক লাভ কৰিব পাৰে৷ শনি জয়ন্তীত শুভ যোগ আৰু শুক্ল যোগৰ মহাসন্ধিত আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ