জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিক জ্ঞান আৰু বুদ্ধিৰ কাৰক বুলি বিবেচনা কৰা হয়৷ প্ৰায় ১৩ মাহৰ পাছত এক ৰাশিৰ পৰা অন্য ৰাশিলৈ গমন কৰে বৃহস্পতিয়ে৷ আৰু এটা ৰাশিচক্ৰ সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে৷ বৰ্তমান বৃষ ৰাশিত আছে দেৱগুৰু৷ আগন্তুক ১৫ মে বৃহস্পতিবাৰে শুক্ৰৰ ঘৰ বৃষ এৰি বুধৰ ঘৰ অৰ্থাৎ মিথুনত প্ৰৱেশ কৰিব৷ আগন্তুক ১৮ অক্টোবৰ পৰ্যন্ত মিথুনতেই থাকিব দেৱগুৰু৷ তাৰপাছতেই মিথুনৰ পৰা বাহিৰলৈ ওলাই বৃহস্পতি প্ৰৱেশ কৰিব চন্দ্ৰত৷ আৰু বৃহস্পতিৰ এই ঘৰ সলনিৰ ফলত ৩ৰাশিৰ ভাগ্য সলনি হব৷ জানি থওক কাৰ কাৰ কঁপাল ফুলিব?
বৃষ ৰাশি
বৃহস্পতিৰ ঘৰ সলনি বৃষ ৰাশিৰ বাবে লাভজনক হব৷ আত্মবিশ্বাস বাঢ়িব৷ বহু দিন ৰৈ থকা কাম এইবাৰ শেষ কৰিব পাৰিব৷ চাকৰিয়ালৰ বাবে এই সময় শুভ৷ ব্যৱসায় আৰু সুৰক্ষিত হব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ সমাজত মান সন্মান বাঢ়িব৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷
সিংহ ৰাশি
বৃহস্পতিৰ ৰাশি পৰিবৰ্তনত সিংহ ৰাশিৰ ভাগ্য সদয় হব৷ যিকোনো পৰিস্থিতি অনুকূল হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ কাৰ্যালয়ত প্ৰমোছন পাব পাৰে৷ বিনিয়োগত লাভৰ মুখ দেখিব৷ সন্তানৰ পৰীক্ষা সংক্ৰান্তিয় দুশ্চিন্তা কমিব৷
ধনু ৰাশি
দেৱগুৰুৰ কৃপাত ধনু ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ পুৰণি ঋণৰ পৰা মুক্তি পাব৷ চৰকাৰী চাকৰি পোৱাৰ সুযোগ আহিব পাৰে৷ আৰ্থিক সংকট দূৰ হব৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷ কৰ্মসূত্ৰে বিদেশ ভ্ৰমণৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ