নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ পুঞ্চ ছেক্টৰত গুলি চলাইছিল পাকিস্তানে৷ তাৰেই প্ৰতিশোধ ল’লে ভাৰতে৷ বৃহস্পতিবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনী পাকিস্তানৰ কেইবাটাও স্থানত ৰাডাৰ আৰু আকাশ প্ৰতিৰক্ষা ব্যৱস্থাসমূহ ধ্বংস কৰিলে ভাৰতে৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় সূত্ৰৰ খবৰ অনুসৰি অপাৰেছন সেন্দূৰৰ দ্বিতীয় দিনত লাহৌৰৰ আকাশত প্ৰতিৰক্ষা ব্যৱস্থাক নিষ্ক্ৰিয় কৰা হৈছে৷
লাহৌৰসহ পাকিস্তানৰ কেইবাটাও স্থানত আকাশ প্ৰতিৰক্ষা ৰেডাৰ আৰু চিষ্টেমসমূহ লক্ষ্য কৰি আক্ৰমণ কৰিছে ভাৰতীয় সেনাই৷ ইয়াৰ মাজতেই লাহৌৰৰ এটা আকাশ প্ৰতিৰক্ষা ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বিষয়ে নিশ্চিত কৰা হৈছে আনুষ্ঠানিকভাৱে৷ সেই আক্ৰমণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈছে৷ সেই ভিডিঅ’ কিমান সঁচা সেয়া অৱশ্যে এতিয়াও নিশ্চিত নহয়৷
ভিডিঅ’টোত দেখা গৈছে আকাশ প্ৰতিৰক্ষা ৰেডাৰ ধ্বংসৰ মুহূৰ্তটি৷ উৰি আহি নিৰ্ভুল লক্ষ্যত আঘাত কৰিছে ভাৰতৰ ড্ৰোনে৷ প্ৰবল বিস্ফোৰণত দাউ দাউকৈ কেইবাফুট উচ্চতাত জ্বলি উঠিছে জুই৷ ছিটিকি পৰা দেখা গৈছে ধ্বংসাৱশেষো৷ নেটাগৰিকৰ একাংশৰ মতে এয়া লাহৌৰৰ ভিডিঅ’ নহয়৷ ২০১৯ চনৰ পুৰণি এটা ভিডিঅ’৷ অপাৰেছন সেন্দূৰৰ পাছতেই ভাৰতীয় সেনাই সংবাদমেল আয়োজন কৰিছে৷ ভাৰতৰ সামৰিক লক্ষ্যবস্তুত আক্ৰমণ হ’লে তাৰ উপযুক্ত জৱাব দিয়া হবই৷ ৭ আৰু ৮ মেত পাকিস্তানৰ ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি উত্তৰ বা পশ্চিম ভাৰতৰ অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথলা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাতিণ্ডা, চণ্ডীগড়, নাল, ফালোদি, উত্তৰলাই আৰু ভূজসহ কেইবাটাও সামৰিক লক্ষ্যবস্তুত আক্ৰমণ চলোৱাৰ চেষ্টা কৰে৷
ইণ্টিগ্ৰেটেড কাউণ্টাৰ ইউ এ এছ গ্ৰিড আৰু এয়াৰ ডিফেন্স চিষ্টেম দি সেই চেষ্টা ব্যৰ্থ কৰে ভাৰতীয় সেনাবাহিনীয়ে৷ উদ্ধাৰ হোৱা ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষেই পাকিস্তানী আক্ৰমণৰ প্ৰমাণ৷ অন্যহাতে জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা, বাবামূলা, উৰি, পুঞ্চ, মেন্ধাৰ আৰু ৰাজৌৰি চেক্টৰত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ মৰ্টাৰ আৰু ভাৰী কেলিবাৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি পাকিস্তানে গুলি বৰ্ষণ কৰা বুলি ভাৰতে দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ