পাকিস্তানৰ চিনেমা, গান, ৱেবচিৰিজ ভাৰতীয় অটিটি প্লেটফৰ্মৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে৷ বৃহস্পতিবাৰে এই বিষয়ক লৈ বিবৃতি জাৰি কৰিছে নতুন দিল্লীৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে৷ তাতেই কোৱা হৈছে পাকিস্তানত নিৰ্মিত ৱেবচিৰিজ, চিনেমা, গান, পডকাষ্ট বা এই ধৰণৰ যিকোনো তথ্য সম্প্ৰচাৰ মাধ্যমে ৰাখিব নালাগে৷ চাবস্ক্ৰিপছনৰ ভিত্তিতো সেইসমূহ ৰাখিব নোৱাৰিব ভাৰতত৷ অবিলম্বে এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিছে চৰকাৰে৷
বিবৃত্তিত কোৱা হৈছে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক প্ৰভাৱিত কৰি, দেশৰ নিৰাপত্তাৰ পক্ষে বিপজ্জনক, অন্য দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ পক্ষে ক্ষতিকাৰক বা হিংসা বিয়পোৱা বিষয়বস্তু সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষ সতৰ্ক থাকিব লাগিব৷ ভাৰতৰ সংহতি, অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা বা সাৰ্বভৌমত্বৰ পক্ষে ক্ষতিকৰ কোনো তথ্য যাতে সম্প্ৰচাৰিত, প্ৰকাশিত নহয়, প্ৰচাৰকাৰী মাধ্যমসমূহে সেই কথা মূৰত ৰাখিব লাগিব৷
বিবৃত্তিত লগতে কোৱা হৈছে, ভাৰতত সংঘটিত বহু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে পাকিস্তানৰ যোগ আছে বুলি প্ৰমাণিত হৈছে৷ সম্প্ৰতি ২২ এপ্ৰিলত পহেলগামত যি সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল তাত বহু ভাৰতীয় আৰু এগৰাকী নেপালৰ নাগৰিকৰ মৃত্যু হৈছে৷ সেয়ে জাতীয় সুৰক্ষাৰ কথা বিবেচনা কৰি সকলো অটিটি প্লেটফৰ্ম, চেনেল আৰু প্ৰচাৰকাৰী মাধ্যমক পাকিস্তানত তৈয়াৰ হোৱা ৱেবচিৰিজ, চিনেমা, গান, পডকাষ্ট অবিলম্বে আঁতৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ