পাকিস্তানৰ পুনৰ যুদ্ধবিৰতি ভংগ, LoC ত গুলীচালনা পাকিস্তানৰ৷
নিয়ন্ত্ৰণ ৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে।
পাকিস্তানী সেনাই কুপৱাৰা, কেৰাণ, টাংধৰ আৰু কৰ্ণাত ভাৰতীয় চেক প’ষ্ট আৰু অসামৰিক অঞ্চলত গুলীচালনা কৰিছে৷
ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে আকাশত পাকিস্তানৰ ড্ৰোন আক্ৰমণক বাধা দিছে৷
ভাৰতৰ s-400 মিছাইল চিষ্টেমে আকাশত এই ড্ৰোণসমূহ ধ্বংস কৰিছে৷
ভাৰতৰ কাউণ্টাৰ ড্ৰোন ব্যৱস্থাও সষ্টম হৈ আছে।
আখনুৰৰ দৰে পুঞ্চতো সম্পূৰ্ণ ব্লেকআউট কৰা হৈছে।
২-৩ মিনিটৰ বাবে চাইৰেনৰ শব্দ শুনা গৈছে জম্মুৰ বিভিন্ন অঞ্চলত।
পাঠানকোটত ৫-৬টা বিস্ফোৰণৰ শব্দ শুনা গৈছে বুলি জনাইছে বহুসংখ্যকেই৷
আখনুৰৰ এজন স্থানীয় বাসিন্দাই কয় যে আকাশত ৰঙা ৰঙৰ বেলুন উৰি থকা যেন দেখা গৈছে ড্ৰোণসমূহক।
ইয়াৰ পিছত অতি জোৰেৰে এইসমূহ বিস্ফোৰণও হৈছে।
সমগ্ৰ অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰা বুলি জনা গৈছে৷
কেৱল যান-বাহনৰ লাইটহে দেখা গৈছে অঞ্চলটোত৷
পাকিস্তানৰ সকলোধৰণৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ