বৃহস্পতিবাৰে (৮ মে’, ২০২৫) জম্মুৰ বিমানবন্দৰত আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছে পাকিস্তানে। ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পুনৰবাৰ পাকিস্তানী ড্ৰোন নিক্ষেপ কৰিছে। জম্মুৰ কেইবাটাও অঞ্চলত ড্ৰ’ন আক্ৰমণৰ বিফল চেষ্টা চলাইছে পাকিস্তানে, ভাৰতৰ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমে আটাইকেইটা ড্ৰ’ন ধ্বংস কৰিছে। সমগ্ৰ জম্মু-কাশ্মীৰতেই এতিয়া ব্লেক আউট৷
বৃহস্পতিবাৰে কিছু সময়ৰ পূৰ্বেই বিস্ফোৰণৰ শব্দ শুনা গৈছে জম্মুত৷ আখনুৰ, ছাম্বাৰ দৰে স্থানত ছাইৰেণ বাজিছে৷ পাকিস্তানৰ দিশৰ পৰা আন্তৰ্জাতিক সীমান্তৰ সিপাৰৰ পৰা একাধিক ৰকেট উৰি অহা দেখা গৈছে৷ সম্পূৰ্ণ ব্লেকআউট কৰি দিয়া হৈছে সমগ্ৰ এলেকা৷ অৰ্থাৎ সমগ্ৰ এলেকাতেই পোহৰ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই পাক আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সক্ৰিয় হৈ উঠিছে৷
নিৰাপত্তা সংস্থা সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা পাকিস্তানৰ মুঠ ৮টা ক্ষেপণাস্ত্ৰ ভাৰতে ধ্বংস কৰিছে৷ পাক আক্ৰমণকাৰী ড্ৰোণৰ টাৰ্গেট আছিল মূলত জম্মু বিমানবন্দৰ, ছাম্বা, আৰ এছ পুৰা. আৰিনাৰ চুবুৰীয়া অঞ্চল৷ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা S-400 য়ে এই ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰিছে৷ জম্মু বিশ্ববিদ্যালয়ৰ নিচেই কাষত দুখন পাকিস্তানী আক্ৰমণকাৰী ড্ৰোণ গুলিয়াই নমোৱা হৈছে৷
সমগ্ৰ জম্মু চহৰত মোবাইল নেটৱৰ্ক বন্ধ কৰি দিয়া হৈছে৷ জম্মু বিমানবন্দৰ, পাঠানকোটৰ বায়ুসেৱাৰ ঘাটিত ছাইৰেনৰ শব্দ শুনা গৈছে৷ ছাইৰেনৰ শব্দ শুনা গৈছে বাৰামুলা, কুপৱাৰাৰ দৰে এলেকাসমূহতো৷ ইয়াৰোপৰি চহৰৰ নানান প্ৰান্তৰ পৰা বিস্ফোৰণৰ শব্দ শুনা গৈছে৷
কেৱল জম্মু নহয়, সীমান্ত সংলগ্ন পঞ্জাৱৰ বিভিন্ন অংশতো ব্লেকআউট কৰা হৈছে৷ পঞ্জাৱৰ হোছিয়াৰপুৰৰ ডেপুটি কমিছনৰ আছিকা জৈনে জনাইছে যে বায়ুসেনা কৰ্তৃপক্ষৰ নিৰ্দেশৰ চহৰত ব্লেকআউট কৰা হৈছে৷ পৰবৰ্তী নিৰ্দেশ নহা পৰ্যন্ত ব্লেকআউট চলিব৷ অমৃতচৰতো ব্লেকআউট কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ