পাকিস্তানৰ এফ ১৬ যুদ্ধবিমান ধ্বংস কৰিলে ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা৷ বৃহস্পতিবাৰে নিশা জম্মু কাশ্মীৰ, ৰাজস্থান আৰু পঞ্জাৱৰ কেইবাটাও স্থানত এটাৰ পাছত আনটো আক্ৰমণ চলাইছে পাকিস্তানী সেনাই৷ সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতে৷ উলোটাই আঘাত কৰি গুৰি কৰি দিয়া হৈছে পাকিস্তানৰ এফ ১৬ যুদ্ধবিমান৷ ধ্বংস কৰা হৈছে পাকিস্তানৰ জে এফ ১৭ যুদ্ধবিমানো৷ ড্ৰোণৰ মাধ্যমেৰেও আক্ৰমণ চলোৱা হৈছিল৷ সেয়াও প্ৰতিহত কৰা হৈছে৷ আখনুৰতো এটা ড্ৰোণ গুলিয়াই নমাই অনা হৈছে৷
এফ ১৬ যুদ্ধবিমান আমেৰিকাই তৈয়াৰ কৰিছে৷ আমেৰিকাৰ পৰা সেই যুদ্ধবিমান কিনিছে পাকিস্তানে৷ ১৯৯৪ চনত বিল ক্লিণ্টন আমেৰিকাৰ প্ৰেছিডেণ্ট থকাৰ সময়ত পাকিস্তানৰ সৈতে আমেৰিকাৰ চুক্তি হৈছিল এফ-১৬ৰ৷ বহু বিতৰ্কও আছিল এই বিষয়ক লৈ৷ সেই সময়ৰ সৰ্বাধুনিক যুদ্ধবিমান এফ-১৬ ২০১৬ চনত পাকিস্তানক বিক্ৰি কৰে আমেৰিকাই৷ এয়া তৈয়াৰ কৰিছিল লকহিড মাৰ্টিনে৷ কিন্তু বহুতৰে দাবী আক্ৰমণ কৰাৰ উদ্দেশ্যে সেই যুদ্ধবিমান ব্যৱহাৰ কৰাৰ কথা নাছিল পাকিস্তানৰ৷
কেৱল সন্ত্ৰাসবাদী দমনতেই এয়া ব্যৱহাৰ কৰাৰ কথা আছিল৷ এই একেই বিতৰ্ক তৈয়াৰ হৈছিল পুলৱামা কাণ্ডৰ পাছতো৷ সেইবাৰেই পাকিস্তানৰ বিৰুদ্ধে এফ ১৬ ব্যৱহাৰৰ অভিযোগ তুলিছিল ভাৰতে৷ পাকিস্তানে অৱশ্য সেই অভিযোগ অস্বীকাৰ কৰিছিল৷
বৃহস্পতিবাৰে নিশা পাকিস্তানৰ মুঠ ৮টা ক্ষেপণাস্ত্ৰ ভাৰতে ধ্বংস কৰিছে৷ পাক আক্ৰমণকাৰীৰ টাৰ্গেট আছিল মূলত জম্মু বিমানবন্দৰ, ছাম্বা, আৰ এছ পুৰা, আৰিণা সংলগ্ন এলেকা৷ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা এছ ৪০০ দি এই ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ