ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ
ভাৰতীয় সেনাৰ দপদপনিত কঁপি উঠিছে পাকিস্তান সেনা। অপাৰেচন সিন্দূৰৰ পিছত পাকিস্তানী সেনা এতিয়া দুটা ভাগত বিভক্ত। প্ৰথমে ভাৰতীয় সেনাই পাকিস্তানৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল। ইয়াৰ পিছত যেতিয়াই পাকিস্তানী সেনাই ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়াই প্ৰতিটো আক্ৰমণ বিফল হৈছে ভাৰতৰ হাতত।
ভাৰতে সফলতাৰে পাকিস্তানৰ ৮টা ক্ষেপণাস্ত্ৰ আৰু যুদ্ধ বিমান ধ্বংস কৰি পেলায়। লগতে পাকিস্তান বায়ুসেনাৰ ‘AWACS’কো ধ্বংস কৰে। তেতিয়াৰ পৰাই পাকিস্তানী সেনাই অবিৰতভাৱে পৰাজয়ৰ সন্মুখীন হৈ আহিছে। পৰাজয়ৰ গৰাহত এতিয়া পাকিস্তান।
তাৰে মাজতে ওলাইছে এক ডাঙৰ খবৰ। দুটা ভাগত বিভক্ত হৈছে পাকিস্তানী সেনা। খবৰ অনুসৰি পাকিস্তান সেনা প্ৰধান অসীম মুনিৰক জিম্মাত লোৱা হৈছে। তেওঁৰ বিৰুদ্ধে ব্যক্তিগত এজেণ্ডা চলোৱাৰ অভিযোগ।
অতি সোনকালে অসীম মুনিৰক পদৰ পৰা অপসাৰণ কৰা হ’ব। কোৱা হৈছে যে অসীম মুনিৰৰ পিছত ছাহিৰ ছামছাদ মিৰ্জাক নতুন সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হব পাৰে।
ছাহিৰ ছামছাদ মিৰ্জাক শ্বাহবাজ শ্বৰীফৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। লেফটেনেণ্ট জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জা যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ। পাকিস্তান সেনাবাহিনীত মুখ্য জেনেৰেল ষ্টাফ (চিজিএছ) হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে মিৰ্জা সামৰিক অভিযান সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ