প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ
ধৰ্ম নিৰপেক্ষ দেশত ধৰ্ম সুধি ২৬ গৰাকীকৈ নিৰীহ জনতাক হত্যা কৰাৰ পাছত এতিয়া খঙত অগ্নিশৰ্মা ভাৰতে এফালৰ পৰা আক্ৰমণ কৰি হৈছে পাকিস্তানত। বিশ্বৰ মানচিত্ৰৰ পৰাই যেন নাইকিয়া কৰি দিব সন্ত্ৰাসবাদক জন্ম দিয়া তথা পোহা পাকিস্তানক।
পাকিস্তানৰ বিৰুদ্ধে প্ৰথমটো আঘাট হিচাপে ভাৰতে অন্ত পেলাইছিল সিন্ধু জল চুক্তি। যাৰ অধীনত সিন্ধু নদীৰ বান্ধ বন্ধ কৰি পানীৰ বাবে হাহাকাৰ কৰি দিছিল পাকিস্তানত। সেই পাকিস্তানক এইবাৰ আন এটা দিশেৰে আধাত। বন্ধ কৰি দিয়া বান্ধ এটাৰ পাছত এটাকৈ খুলি দি বিপদত পেলাইছে পাকিস্তানক।
ছালাল বান্ধৰ তিনিখনকৈ গেট সম্পূৰ্ণ মুকলি কৰি দিছে ভাৰতে। চেনাব নদীৰ ওপৰত অৱস্থিত বান্ধটো পূৰ্বতে কঠোৰ নিয়ন্ত্ৰণৰ অধীনত আছিল কাৰণ ভাৰতে পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিছিল।
কেন্দ্ৰই সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছতে সেই বান্ধ এতিয়া পুনৰ হঠাতে মুকলি কৰি দিছে। ৰামবন জিলাৰ বাগলীহাৰ জলবিদ্যুৎ শক্তি প্ৰকল্পৰ দুখন গেটো মুকলি কৰিছে। যাৰ ফলত এতিয়া পানীক ককবকাই উঠিব পাকিস্তান।
ভাৰতৰ ত্ৰি-শক্তি- স্থল-জল আৰু বায়ু সেনাৰ আক্ৰমণৰ মাজতে এইবাৰ বানৰ কবলত পৰিব পাকিস্তান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ