উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ৪৩০ খন বিমান বাতিল, ২৭ টা বিমানবন্দৰ বন্ধ
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ১০ মে’ শনিবাৰে পুৱা ৫:২৯ বজালৈকে সাধাৰণ নাগৰিকৰ উত্তৰ ভাৰত, পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ ২৭টাকৈ বিমানবন্দৰ বন্ধ কৰা হৈছে। যাৰ বাবে এতিা ইণ্ডিয়ান এয়াৰলাইন্সে ৪৩০খন বিমান বাতিল কৰিছে।
ভাৰতৰ মুঠ নিৰ্ধাৰিত বিমান যাত্ৰাৰ এই সংখ্যা ৩ শতাংশ। ইফালে পাকিস্তানৰ বিমান সংস্থাসমূহে ১৪৭ খনতকৈও অধিক বিমান বাতিল কৰিছে, যিটো পাকিস্তানৰ দৈনিক মুঠ বিমানৰ ১৭%।
গ্লোবেল ফ্লাইট ট্ৰেকিং প্লেটফৰ্ম Flightradar24-এ বাৰ্তা দিছে যে, বৃহস্পতিবাৰে পাকিস্তান আৰু ভাৰতৰ পশ্চিম কৰিডৰৰ ওপৰৰ আকাশমাৰ্গ – কাশ্মীৰৰ পৰা গুজৰাটলৈকে – বহুলাংশে অসামৰিক বিমানেৰে খালী হৈ আছে। পাকিস্তান আৰু কাশ্মীৰ আৰু গুজৰাটৰ মাজৰ ভাৰতৰ পশ্চিম অঞ্চলৰ ওপৰত থকা আকাশমাৰ্গ অসামৰিক বিমান পৰিবহণৰ পৰা মুক্ত আছিল, কিয়নো বিমান সংস্থাসমূহে স্পৰ্শকাতৰ অঞ্চলটো এৰাই চলিছিল।
প্ৰভাৱিত ভাৰতীয় বিমানবন্দৰসমূহৰ ভিতৰত আছে শ্ৰীনগৰ, জম্মু, লেহ, চণ্ডীগড়, অমৃতসৰ, লুধিয়ানা, পটিয়ালা, বাথিণ্ডা, হালৱাৰা, পাঠানকোট, ভুণ্টাৰ, শিমলা, গাগল, ধৰ্মশালা, কিশনগড়, জয়ছালমেৰ, যোধপুৰ, বিকানেৰ, মুন্দ্ৰা, জামনগৰ, ৰাজকোট, পৰ্বন্দৰ, কণ্ডলা, কেশোদ, ভুজ, গোলকীয় আৰু হিন্দন। মূলতঃ সামৰিক চাৰ্টাৰৰ বাবে ব্যৱহাৰ কৰা বিমানবন্দৰসমূহো বন্ধৰ মাজত অন্তৰ্ভুক্ত কৰা হৈছে। আমেৰিকান এয়াৰলাইন্সেও দিল্লী-নিউয়ৰ্ক বিমান বাতিল কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ