চীনেই ডুবালে পাকিস্তানক৷ পাকিস্তানে চীনৰ ৰংচঙীয়া সামগ্ৰীৰে ভাৰতক শক্তি দেখুওৱাৰ সময়তে ভাৰতে প্ৰমাণ কৰি দিলে কিয় ভাৰতে ভৰষা নকৰে চাইনীজ মালত৷ চীনৰ পৰা লোৱা HQ-9ৰ বাবেই বিফল আজি পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম৷ ভাৰতীয় সামৰিক শক্তিৰ ওচৰত সেও মানিলে পাকিস্তানে৷ চীনৰ পৰা ক্ৰয় কৰা HQ-9 S-400, Rafale, Sukhoi, Brahmosৰ ওচৰত একেবাৰেই অসাৰ প্ৰমাণিত হ’ল HQ-9 ৷
পাকিস্তানৰ HQ-9 বিমান প্ৰতিৰক্ষা ব্যৱস্থা থকা সত্ত্বেও এটাও ভাৰতীয় মিছাইলক বাধা দিব নোৱাৰিলে এই চিষ্টেমে৷ পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেমৰ বাবে থকা HQ-9 হৈছে এক মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা যি ৰাছিয়াৰ S-300ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে৷
৭মে’ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ভিতৰত বিমান আক্ৰমণ চলাই ৯ টা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থান সম্পূৰ্ণৰূপে ধ্বংস কৰিছে৷ ভাৰতে স্পষ্টকৈ জনাই দিছে যে এই যুঁজ ভাৰতে নিৰীহ লোকক হত্যা কৰাৰ বাবে কৰা নাই এই যুঁজ কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে৷ পাকিস্তানেও বীৰদৰ্পে ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হোৱাৰ সময়তেই ভাৰতে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম৷
ভাৰতে যিকোনো আক্ৰমণৰ প্ৰতিহত কৰিব পৰাকৈ পূৰ্বেই নিজকে সাজু ৰাখিছে৷ ভাৰতৰ সীমান্তত সুদৰ্শন চক্ৰকে ধৰি বায়ু প্ৰতিৰক্ষা মিছাইল ব্যৱস্থা S-400 সাজু আছে৷ পাকিস্তানৰ পৰা অহা যিকোনো ক্ষেপণাস্ত্ৰ ধ্বংস কৰিব পৰাকৈ সীমান্তত সক্ষম হৈ আছে ভাৰতৰ সুদৰ্শন চক্ৰ৷ ইফালে পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা এয়াৰ ডিফেন্স মিছাইল চিষ্টেমেৰেই ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈ আৰম্ভণিতেই মুথ থেকেচা খাব লগাত পৰিছে৷ পাকিস্তানৰ হাতত থকা HQ-9 ভাৰতৰ হাতত থকা S-400 তকৈ এখাপ তলত বুলি বিশেষজ্ঞসকলে জনাইছে৷
প্ৰথমে জানি থওক ভাৰতৰ হাতত থকা S-400ৰ ক্ষমতা?
S-400 হৈছে এক প্ৰকাৰৰ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম৷ ৰাছিয়াৰ আলমাজ চেণ্ট্ৰেল ডিজাইন ব্যুৰৱে ১৯৮০ চনৰ শেষৰফালে S-400 নিৰ্মান কৰিছিল৷ পশ্চিমীয়া দেশসমূহত এম আই এম-১০৪ পেট্ৰিয়াটৰ দৰে এয়াৰ ডিফেন্স চিষ্টেম আছিল আৰু ৰাছিয়াই ইয়াক প্ৰতিহত কৰিব পৰাকৈ এক শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেমৰ সন্ধান কৰিছিল৷ তাৰপিছতেই ১৯৬০ চনত নিৰ্মিত S-200 আৰু S-300তকৈ শক্তিশালী S-400 নিৰ্মাণ কৰিবলৈ সক্ষম হয়৷ ভাৰতে সেই শক্তিশালী S-400য়েই ক্ৰয় কৰিছে৷ ২০১৮ চনত ভাৰতে ৩৫ হাজাৰ কোটিৰ বিশেষ চুক্তিৰে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে তিনিখন S-400৷
S-400 SAM কিয় বিশেষ?
প্ৰতিখন S-400 স্কোয়াড্ৰনত লঞ্চাৰ, ৰাডাৰ, নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু সহায়ক বাহনকে ধৰি ১৬খন বাহন আছে৷ ই ৬০০ কিঃমিঃ দূৰলৈকে আকাশী আক্ৰমণৰ তথ্য ট্ৰেক কৰিব পাৰে৷ S-400ত চাৰি ধৰণৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হয়৷ যিয়ে ৪০০ কিঃমিঃ পৰ্যন্ত দূৰৈত থকা লক্ষ্যক আঘাত কৰিব পাৰে৷ ই যুদ্ধ বিমান, বেলিষ্টিক মিছাইল আৰু ড্ৰোনকো বাধা দিব পাৰে, যাৰ ফলত ই ভাৰতৰ প্ৰতিৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে৷
পাকিস্তানৰ হাতত হটা চীন নিৰ্মীত HQ-9 কেনেকুৱা?
পাকিস্তানৰ নিজা এয়াৰ ডিফেন্স চিষ্টেম চীনৰ পৰা ক্ৰয় কৰা৷ চীনে ৰাছিয়াৰ S-300ৰ আৰ্হিৰে HQ-9নিৰ্মাণ কৰিছে৷ HQ-9ৰ শক্তি যদি চাওঁ তেন্তে ইয়াৰ ৰাডাৰ ধৰা পেলোৱা ৰেঞ্জ ২০০ কিঃমিঃ যি ভাৰতৰ ক্ষেপণাত্ৰ ধৰা পেলাবলৈ একেবাৰেই অক্ষম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ