ৰোহিতৰ পাছত এইবাৰ আন এগৰাকী দ্বিগ্বজ খেলুৱৈক বান্ধি দিলে অৱসৰৰ সময়
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ হিটমেন ৰোহিত শৰ্মাৰ। কিন্তু এতিয়া আন এজন ডাঙৰ খেলুৱৈৰ বিষয়ে কোৱা হৈছে যে তেওঁকো অৱসৰৰ বাবে আলটিমেটাম তথা অৱসৰৰ বাবে সময় দিয়া হৈছে। পাছে কোন সেই ডাঙৰ খেলুৱৈজন?
বহুতৰে মনত দুটাই নাম বিৰাট কোহলী নতুবা ৰবীন্দ্ৰ জাদেজা। অৱশ্যে এতিয়ালৈকে সেই খেলুৱৈজনৰ নাম প্ৰতিবেদনত উল্লেখ কৰা হোৱা নাই যদিও দুই জ্যোষ্ঠ খেলুৱৈ বিৰাট বা জাদেজাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।
ৰোহিত শৰ্মাক ইতিমধ্যে কোৱা হৈছিল যে চলিত বৰ্ষৰ জুনত ইংলেণ্ড ভ্ৰমণৰ বাবে নিৰ্বাচিত নহ’ব। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ৰোহিতে ১৪ বা ১৫ মে’ত অৱসৰৰ কথা ঘোষণা কৰাৰ কথা আছিল যদিও এসপ্তাহ পূৰ্বে ঘোষণা কৰি আলোড়নৰ সৃষ্টি কৰে।
যিখন প্ৰতিবেদনত ৰোহিতৰ বিষয়ে অৱসৰ সন্দৰ্ভত তথ্য লাভ কৰা হৈছিল, সেই একেখন প্ৰতিবেদনতে সূত্ৰৰ উদ্ধৃতি দিও লিখা হৈছিল যে এতিয়া আন এজন ভাৰতীয় খেলুৱৈয়েও অৱসৰৰ আলটিমেটাম লাভ কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় দলৰ পৰৱৰ্তী খেলত স্থান লাভ কৰা নাই সেই খেলুৱৈগৰাকীয়ে। লগতে কোৱা হৈছিল যে অৱসৰৰ সিদ্ধান্তও খেলুৱৈগৰাকীৰ হাতত এৰি দিয়া হৈছে। এতিয়া সেই খেলুৱৈজনে কেতিয়া টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিব সেয়া হ’ব লক্ষণীয়। অৱশ্যে ইংলেণ্ড ভ্ৰমণত সেই খেলুৱৈক দেখা নোপোৱাটো খাটাং।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ