নিৰ্বাচনৰ পূৰ্বে পুনৰ এবাৰ ৰাজনৈতিক বিস্ফোৰণ ঘটাইছে উত্তৰ প্ৰদেশৰ বিজেপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷
উত্তৰ প্ৰদেশৰ চলিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা যোগী আদিত্যনাথে ভোটাৰক উদ্দেশ্যি কয় নতুন ভাৰতবৰ্ষৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে বিশ্বৰে আটাইতকৈ জনপ্ৰিয় নেতা৷ আৰু এই নতুন ভাৰতবৰ্ষত সকলোৰে উন্নয়ন হ’ব, কাৰোবাক তোষণ কৰি নহয়৷
সংবাদ এঞ্চেন্সি এনআইএ-ক দিয়া এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী যোগীয়ে আৰু কয় এই নতুন ভাৰতবৰ্ষ সংবিধানৰ মতেহে চলিব৷ শ্বৰিয়ত দ্বাৰা নহয়৷
ইফালে উত্তৰ প্ৰদেশৰ ৮০ শতাংশ লোকেই যোগী আদিত্যনাথৰ শাসনত সন্তুষ্ট বুলি দাবী কৰিছে গেৰুৱা বসনধাৰী মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁৰ দাবী যে ৰাজ্যখনৰ মাত্ৰ ২০ শতাংশ লোকহে তেওঁৰ বিৰোধিতা কৰিছে৷
ইফালে নিজকে গণতন্ত্ৰপন্থী বুলি জাহিৰ কৰি ‘‘আমি ব্যক্তিগত বিশ্বাস জাপি নিদিওঁ৷ আমাৰ ব্যক্তিগত স্বাধীনতা, বিশ্বাস, পচন্দ তথা অপচন্দ আদিবোৰক দেশৰ ওপৰতো জাপি নিদিওঁ৷’’
AIMIMৰ নেতা তথা লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেছীয়ে হিজাব পিন্ধা ছোৱালীয়ে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’ব কৰা মন্তব্যৰ সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোগী আদিত্যনাথে৷
যোগী আদিত্যনাথে এই সম্পৰ্কে কয় ‘‘সকলো ছোৱালীৰে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ অধিকাৰ আছে আৰু সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে তিনি তালাকক দেশত বন্ধ কৰিছে৷ ইয়ে তেওঁলোকৰ ন্যায় নিশ্চিত কৰাৰ লগতে তেওঁলোকক শক্তিশালীও কৰি তুলিব৷’’
ইফালে কংগ্ৰেছক ডুবাবলৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েই যথেষ্ট বুলিও তীৰ্যক মন্তব্য কৰে যোগী আদিত্যনাথে৷
উল্লেখ্য যে সাতটা পৰ্যায়ত উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে যোগী আদিত্যনাথে ভোটাৰক মোহাৱদ্ধ কৰি তুলিবলৈ এইদৰে মন্তব্য কৰা বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ