অসম লাইভ২৪ঃ লোকেশ ৰাহুলক ভাৰতীয় দলৰ সহ অধিনায়ক পদৰ পৰা আঁতৰাই দিছে বিবিচিয়ে৷ এদিনীয়া ক্ৰিকেটৰ নতুন সহ অধিনায়কৰ দায়িত্ব দিয়া হৈছে হাৰ্দিক পাণ্ডিয়াক৷ কিন্তু টেষ্ট মেচৰ বাবে কোনো সহ-অধিনায়কৰ নাম ঘোষণা কৰা হোৱা নাই৷ যদি কোনো কাৰণত ৰোহিত শৰ্মাই মেচত অংশ ল’ব নোৱাৰে তেতিয়া দলৰ নেতৃত্ব কোনে বহন কৰিব সেই বিষয়টোক লৈয়ে চলিছে চৰ্চা৷
কাৰ হাতত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব? বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰামতে, ৰোহিতৰ হাততেই সকলো দায়িত্ব এৰি দিয়া হৈছে৷ বৰ্তমানলৈকে সহ অধিনায়ক কোন হ’ব সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই৷ যদি কোনো কাৰণত ৰোহিত মেচত উপস্থিত থাকিব নোৱাৰে তেতিয়া প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ হাতত দায়িত্ব অৰ্পণ কৰা হ’ব৷
২০২২ চনত দক্ষিণ আফ্ৰিকাৰ সৈতে হোৱা মেচত ভাৰতৰ সহ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৰাহুলক৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা চিৰিজত অধিনায়কত্বও লাভ কৰিছিল কেএল ৰাহুলে৷ তাৰপিছত বাংলাদেশৰ বিৰুদ্ধে দুখনকৈ টেষ্টত ৰাহুলে অধিনায়কত্বও লাভ কৰিছিল৷ কিন্তু শেহতীয়াকৈ ৰাহুলে খেলত ভাল পাৰফৰমেন্স দিব পৰা নাই৷ বেট হাতত লৈ ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছে ৰাহুল৷
২০২২ চনত দক্ষিণ আফ্ৰিকাৰ সৈতে হোৱা চিৰিজত বৰ্তমানলৈ ৭ টা টেষ্ট মেচত ভাগ লৈছে কেএল ৰাহুলে৷ ৭খন টেষ্ট মেছত মাত্ৰ ১৭৫ ৰানহে ল’বলৈ সক্ষম হৈছে ৰাহুলে৷ জোহানছবাৰ্গৰ এটা ৫০ ৰানৰ ইনিংছতো অত্যন্ত বেয়া পাৰফৰমেন্স দেখুৱাই ৰাহুলে৷ তাৰপাছৰে পৰাই মেনেজমেণ্টৰ ভৰসা যেন দিনে দিনে হেৰুৱাই পেলাইছিল ৰাহুলে৷ এদিনীয়া চিৰিজত ৰোহিতে দায়িত্ব দিয়ে হাৰ্দিকক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ