অপেক্ষা ৪.৩০ বজালৈ, ভাৰতীয় পুৰুষ দলৰ হৈ প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিব অসমৰ ৰিয়ানে
মাজত আৰু মাথো কিছু সময় বাকি। অধীৰ অপেক্ষাৰে ৪.৩০ বজালৈ বাট চাই দেশৰ লগতে অসমবাসী ৰাইজে। কিয়নো আজি জিম্বাবৱেৰ বিৰুদ্ধে খেল পথাৰত নামিব ভাৰতীয় ক্ৰিকেট দল। এই দলতেই আছে অসম সন্তান ৰিয়ান পৰাগ। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ হৈ অভিষেক কৰিবলৈ ৰৈ থকা ৰিয়ানৰ খেল চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিজন অসমীয়াই।
আজিৰে পৰা জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা। শুভমন গীলৰ নেতৃত্বত ৫খন টি-২০ মেচ খেলিব টীম ইণ্ডিয়াই। প্ৰথমবাৰলৈ ভাৰতীয় দলক নেতৃত্ব দিব তৰুণ তাৰকা শুভমন গীলে। এই শৃংখলাৰ প্ৰশিক্ষকৰ দায়িত্বত আছে নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণ।
জিম্বাবৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে কেইবাগৰাকীও তাৰকা আৰু অভিজ্ঞ ক্ৰিকেটাৰক জিৰণি দিয়াৰ পৰিৱৰ্তে একাধিক যুৱ তাৰকাক দলত স্থান দিয়া হৈছে। জিম্বাবৱে ভ্ৰমণত টি-২০ বিশ্বকাপ দলৰ মাত্ৰ ৩জন সদস্যকহে দেখা যাব। সঞ্জু ছেমছন, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবে আছে জিম্বাবৱে ভ্ৰমণৰত দলত।
বিশ্বকাপৰ ৰিজাৰ্ভ ক্ৰিকেটাৰ ৰিংকু সিং আৰু খলিল আহমেদো আছে জিম্বাবৱেৰ বিৰুদ্ধে খেলিবলগীয়া দলত। ই দলতেই আছে ১২ নম্বৰ জাৰ্চিৰে অসমৰ ৰিয়ান। ৩ নম্বৰত খেলপথাৰত নামিব ৰিয়ান।
https://x.com/i/status/1809140971356971255
ৰিয়ানক লৈ ইতিমধ্যে বহু কল্পনাৰ আৰম্ভণি হৈছে। বহু তাৰকা খেলুৱৈয়ে ভৱিষ্যত আখ্যা দিছে অসমৰ ৰিয়ানক। যদি এই জিম্বাবৱেৰ বিৰুদ্ধে শৃংখলা খনত ৰিয়ানে ভাল প্ৰদৰ্শন কৰে তেন্তে পাছলৈ ভাৰতীয় দলত ৰিয়ানৰ স্থান নিগাজী হোৱাৰ সম্ভাৱনা বহু।
ৰিয়ানৰ লগতে দলটোত থকা অন্য খেলুৱৈৰ ওপৰতো দৃষ্টি ৰাখিব বি চি চি আই য়ে। কেউজন খেলুৱৈয়ে প্ৰায় নবাগত। আজি প্ৰথমখন খেল আৰম্ভ হব ৪.৩০ বজাৰ পৰা। দ্বিতীয় খন খেল আছে কাইলৈ দেওবাৰে। কাইলৈয়ো ৪.৩০ বজাত আৰম্ভ হব খেল।
জিম্বাবৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল : শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড়, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জুৰেল, শিৱম ডুবে, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে। অৱশ্যে এতিয়াও ভাৰতীয় দলৰ মূল একাদশ কেনেকুৱা হ’ব সেয়া জানিব পৰা হোৱা নাই। এই ক্ষেত্ৰত ৰিয়ানৰ স্থান নিশ্চিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















