আগন্তুক ৩০ জুনত ম্যাদ শেষ হব দেশৰ চিফ অফ আৰ্মী ষ্টাফ জেনেৰেল মনোজ পাণ্ডেৰ। তেওঁৰ ঠাইত দেশৰ নতুন সেনাপ্ৰধান হব লেফটেনেন্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। আগন্তুক ৩০ জুনত দেশৰ নতুন সেনাপ্ৰধানৰূপে নিয়োগ হব উপেন্দ্ৰ দ্বিবেদী। মঙলবাৰে নিশা আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰিছে ভাৰত চৰকাৰে।
বৰ্তমান ভাইছ চিফ অফ আৰ্মি ষ্টাফ হিচাপে কৰ্মৰত উপেন্দ্ৰ দ্বিবেদীয়ে ১৯৮৪ চনত ভাৰতীয় সেনাৰ জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ ৰেজিমেণ্টত ছেকেণ্ড লেফটেনেন্ট পদত তেওঁ যোগদান কৰিছে। ৪০ বছৰীয়া কৰ্মজীৱনত তেওঁ সামৰি লৈছে একাধিক গুৰুত্বপূৰ্ণ পদ।
বিগত ১৯ ফেব্ৰুৱাৰীত চৰকাৰী সেনা প্ৰধানৰ দায়িত্ব লোৱাৰ পূৰ্বে ২০২২ৰ পৰা ২০২৪ পৰ্যন্ত উত্তৰ সেনাবাহিনীৰ কমাণ্ডিং চিফ আছিল তেওঁ। এই বাহিনীৰ ওপৰিও চীন আৰু পাকিস্তান সীমান্তৰ দায়িত্বতো থাকে। পূৰ্বে লাডাখত চীন আৰু ভাৰতৰ সংঘাত আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল দ্বিবেদীয়ে। দীৰ্ঘ বছৰ ধৰি উত্তৰ আৰু পশ্চিম সীমান্ত সেনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব মূৰপাতি লৈ আছে উপেন্দ্ৰ দ্বিবেদীয়ে। ফলত তেওঁ সেনাপ্ৰধানৰ দায়িত্ব লৈ উত্তৰ পূবৰ ৰাজ্যসমূহত বাঢ়ি থকা উগ্ৰপন্থা নিয়ন্ত্ৰণত আহিব বুলি আশা কৰিছে বিশেষজ্ঞ মহলে।
উল্লেখ্য যে, নেশ্ব্যনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটাৰি একাডেমীৰ প্ৰাক্তন আছিল দ্বিবেদী। ইয়াৰ পূৰ্বে ডেপুটি চিফ অফ আৰ্মি ষ্টাফ, ডাইৰেক্টৰ জেনেৰেল অফ ইনফ্যান্ট্ৰীৰ দৰে বিৰাট পদমৰ্যদা সম্পন্ন পদৰ দায়িত্বতো তেওঁ আছিল। উল্লেখ্য যে ৩১ মেত অৱসৰ লোৱাৰ কথা আছিল দেশৰ বৰ্তমানৰ সেনাপ্ৰধান ৬২ বছৰীয়া মনোজ পাণ্ডেৰ। যদিও লোকসভা নিৰ্বাচন চলাৰ সময়ত তেওঁ অৱসৰৰ সময় পিছুৱাই দিয়ে। আগন্তুক ৩০ জুনত অৱসৰ লব বৰ্তমানৰ সেনাপ্ৰধান মনোজ পাণ্ডেই। নিয়ম অনুসৰি অৱসৰৰ বয়স ৬০ বছৰ হলেও মনোজ পাণ্ডেৰ ম্যাদ ২ বছৰ বঢ়াই দিছিল কেন্দ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ