নিউক্লিয়াৰ ব্লেকমেইলৰ সন্মুখত শিৰণত নকৰে ভাৰতে স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ৷ অপাৰেছন সিন্দূৰৰ পাছতেই সোমবাৰে নিশা প্ৰথমবাৰ দেশবাসীৰ সন্মুখত ভাষণ দিলে প্রধানমন্ত্ৰী মোদীয়ে৷ আৰু তাতেই তেওঁ জনাইছে, পাৰমাণৱিক আক্ৰমণৰ ধমকি দিলেও পিছুৱাই নাযায় ভাৰত৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবই৷ অপাৰেছন সিন্দূৰ ভাৰতৰ নীতি বুলিও জনাইছে তেওঁ৷ এই সামৰিক অভিযানক তেওঁ নিউ নৰ্মাল বুলিও উল্লেখ কৰিছে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতি কি, সেয়া অপাৰেছন সিন্দূৰৰ মাধ্যমেৰে ভাৰতে বুজাই দিয়া বুলি জনাইছে তেওঁ৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতো কোনো নিউক্লিয়েৰ ব্লেকমেইল সহ্য নকৰে৷ নিউক্লিয়েৰ ব্লেকমেইলৰ ছত্ৰছায়াত পৰিচালিত সন্ত্ৰাসবাদী পৰিকাঠামোসমূহত ভাৰতে আক্ৰমণ চলাব৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অৱস্থান অত্যন্ত দৃঢ়৷ তেওঁ জনায় যে, কোনো সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত জৱাবো দিব ভাৰতে৷
কেৱল সেয়াই নহয় ভৱিষ্যতে পাক মদতপুষ্ট সন্ত্ৰাসবাদীয়ে ভাৰতত আক্ৰমণ চলালে পাকিস্তান ৰাষ্ট্ৰক সন্ত্ৰাসবাদীৰ পৰা পৃথককৈ ধৰা নহ’ব৷ এই কথা স্পষ্ট কৰি মোদীয়ে কয়, ‘আমি সন্ত্ৰাসবাদৰ সমৰ্থক চৰকাৰ আৰু সন্ত্ৰাসবাদীক পৃথক সত্ত্বা হিচাপে নাচাওঁ৷ অপাৰেছন সিন্দূৰ কিন্তু প্ৰাথমিকভাৱে সন্ত্ৰাসবাদী ঘাঁটিসমূহ ধ্বংসৰ লক্ষ্যৰেই আৰম্ভ কৰা হৈছিল৷ পাছত পাকিস্তানে ভাৰতক ওলোটাই আক্ৰমণ কৰে সেইবাবে পাকিস্তান সেনাৰ কেইবাটাও ঘাঁটি ভাৰতে ধ্বংস কৰিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















