অসম লাইভ ২৪ঃ দেশৰ ভিন্ন প্ৰান্তত অক্সিজেনৰ সংকট দূৰ কৰিবলৈ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় বায়ুসেনাই। ‘মিছন অক্সিজেন’ নামেৰে ভাৰতীয় বায়ুসেনাই নিজাববীয়াকৈ আৰম্ভ কৰিছে এই অভিযান। বায়ুসেনাৰ c17 আৰু il76 বিমানেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছে ক্ৰায়’জেনিক অক্সিজেন কণ্টেইনাৰ। বায়ুসেনাৰ হিন্দন চাউনীৰ পৰা পশ্চিম বংগৰ পানাগড়লৈ এয়াৰলিফ্ট কৰা হয় কণ্টেইনাৰ পৰিবাহী টেংকাৰ। টেংকাৰসমূহত অক্সিজেন ভৰাই সৰবৰাহ কৰিব বিভিন্ন স্থানলৈ। ইয়াৰোপৰি, জামাৰ্নীৰ পৰা ২৩টা ‘মোবাইল অক্সিজেন জেনেৰেচন প্লাণ্ট’ ভাৰতলৈ কঢ়িয়াই আনিব ভাৰতীয় বায়ুসেনাই। দেশৰ কোভিড হাস্পতালসমূহলৈ আৰু বিভিন্ন কোভিড কেন্দ্ৰসমূহলৈ ইতিমধ্যে সৰবৰাহ কৰিছে প্ৰয়োজনীয় সঁজুলি। পূৰ্বেও বায়ুসেনাই লেহত কোভিড পৰীক্ষণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সৰবৰাহ কৰি হাস্পতাল স্থাপন কৰিছিল। DRDOৰ সহযোগত দিল্লীত ১০০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰাৰ লগতে মুম্বাই আৰু বাংগালুৰুতো কোভিড হাস্পতাল স্থাপন কৰিছিল বায়ুসেনাই। কোভিডৰ বিৰুদ্ধে চলা এই যুঁজত দেশৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় বায়ু সেনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















