চেন্নাই ট্ৰেজিক ঘটনা, এয়াৰ শ্ব’ চাবলৈ যোৱা লাখ লাখ লোকৰ হাজাৰৰ ঘৰত আহত, ৫ নিহত
চেন্নাইবাসীৰ বাবে দেওবাৰটো এক ট্ৰেজেডীতকৈ কম নাছিল। ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ চাবলৈ গোট খোৱা প্ৰায় ১৫ লাখ মান লোকৰ বাবে এক ভয়ংকৰ ঘটনাৰ দৰে হৈ পৰে। হাজাৰৰ ঘৰত লোক আহত হৈ হাস্পতালত ভৰ্তি। ৫ গৰাকীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱালে।
বায়ুসেনাৰ এয়াৰ শ্ব’টো উপভোগ কৰাৰ উদ্দেশ্যে এটা সময়ত মেৰিনা বিচত প্ৰায় ১৫ লাখ লোক সমবেত হৈছিল। এয়াৰ শ্ব’ শেষ হোৱাৰ পিছত সংঘটিত হোৱা ষ্টেম্পেডে ৫ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰৰ ঘৰত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কালি বিয়লি চেন্নাইত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ আন এটা কাৰণ আছিল প্ৰখৰ ৰ’দ আৰু হিট ষ্ট্ৰ’ক।
তামিলনাডুৰ ৰাজধানীত তাপমাত্ৰা কিমান অধিক সেয়া কোনেও নজনা নহয়, আন ৰাজ্যতো অতি গৰম। কিন্তু অত্যন্ত গৰম বা হিট ষ্ট্ৰোকৰ ফলত মৃত্যু হোৱা এয়া পৃথিৱীৰ প্ৰথমটো ঘটনা নহয়। ২০১০ চনত ৰাছিয়াৰ বাবে এক ক’লা ইতিহাসতকৈ কম নাছিল। সেই বছৰ ৰাছিয়াত গৰমৰ ঢৌৰ ফলত মুঠ ৫৬ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল।
তামিলনাডুৰ ৰাজধানী চেন্নাইত দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা বায়ুসেনাৰ এয়াৰ শ্ব’ও চেন্নাইৰ বাবে ট্ৰেজিক হৈ পৰে । দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হয় এই এয়াৰ শ্ব’। অলপ সময়ৰ ভিতৰতে এই অনুষ্ঠানটো চাবলৈ ১৫ লাখ লোক সমবেত হয়।
সকলো ঠিকেই আছিল যদিও আচল বিষয়টো ঘটিছিল এয়াৰ শ্ব’ শেষ হোৱাৰ পিছত। গৰমত অশান্তিগ্ৰস্ত মানুহবোৰ যেতিয়া হঠাতে ঘৰাঘৰি যাবলৈ ধৰে, তেতিয়াই হুলস্থুলৰ সৃষ্টি হয়। এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হৈছে আৰু ৯০ জনতকৈ অধিক লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে হাজাৰৰ ঘৰত লোক কম বেছি পৰিমানে আহত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ