ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংগছৰ তাৰকা ষ্টাৰ্ক, দখল কৰিলে ৬ টা উইকেট
আজিৰে পৰা আৰম্ভ হোৱা ভাৰত -অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন টেষ্টৰ পিংক বল দিবা-নৈশ খেলৰ প্ৰথম ইনিংহছ খেলিলে ভাৰতীয় দলে। ১৮০ ৰান কৰিলে ভাৰতীয় দলটোৱে। পাছে এই খেলৰ তাৰকা হিচাপে পৰিণত হয় অষ্ট্ৰেলিয়াৰ মিছেল ষ্টাৰ্ক। ৬ টাকৈ উইকেট দখল কৰে ষ্টাৰ্কে।
ভাৰতীয় দলটোৱে ৪৪.১ অভাৰত কেউটা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সৰ্বাধিক নিতিশ কুমাৰ ৰেড্ডীয়ে ৪২ ৰান, কে এল ৰাহুল ৩৭ ৰান, শুভমন গীল ৩১ ৰান, ৰবিচন্দ্ৰন আশ্বিন ২২ ৰান, ঋষভ পণ্ট ২১ ৰান।
তাৰ বাহিৰে সকলো বাঘা বাঘা খেলুৱৈ বিফল হয়। বিৰাট কোহলীয়ে ৭ ৰান, ৰোহিতে ৩ ৰান কৰি আউট হয়। প্ৰথমখন টেষ্টত সমগ্ৰ ক্ৰিকেট জগতৰে দৃষ্টি আকৰ্ষণ কৰা যশশ্বী জয়ছৱাল এই দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংগছত সম্পূৰ্ণ ৰূপে বিফল হয়।
অষ্ট্ৰেলিয়াৰ মিছেল ষ্টাৰ্কে ৬ টা উইকেট লোৱাৰ বিপৰীতে পেট কুমিনছে ২টা আৰু স্কট বোলাণ্ডে ২ টাকৈ উইকেট দখল কৰে। এতিয়া অষ্ট্ৰেলিয়াৰ দলে প্ৰথম ইংনিংগছত কিমান সফল হয়, ভাৰতীয় বলাৰৰ হাতত কিমান দূৰ আগুৱাব পাৰে সেয়াহে লক্ষ্যনীয় হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















