অসম লাইভ২৪ঃ হাৰ্দিক পাণ্ডিয়াই আঘাত পোৱাৰ বাবে প্ৰথম একাদশত স্থান পালে মহম্মদ ছামিয়ে। মাত্ৰ ৭খন মেচতেই ২৪টা উইকেট লৈ ৰেকৰ্ডো গঢ়িছে ছামিয়ে। ফাইনেলক বাদ দি প্ৰতিখন মেচতেই ভয়ংকৰভাৱে খেলিছে ছামিয়ে। কিন্তু ৮বছৰ পূৰ্বে ছামিক চিকিৎসকে জনাইছিল, ‘খেলৰ কথা পাহৰি যোৱা।’ ২০১৫ চনত আঁঠুত পোৱা আঘাতৰ বাবে ছামিৰ আঁঠুৰ অস্ত্ৰোপছাৰ হৈছিল। ছামিয়ে সেই সময়ত পুনৰ আকৌ ২২ গজলৈ উভতি আহিব পাৰিব বুলি সপোনতো ভৱা নাছিল।
ছামিয়ে এই সন্দৰ্ভত কয়, ‘মই বিষ সহ্য কৰিব পাৰো। ২০১৫ চনত মোৰ আঁঠুৰ অসুবিধা হৈছিল। মোৰ হাতত তেতিয়া দুটাই বিকল্প আছিল। এক খেলৰ পৰা অব্যাহতি লোৱা আৰু দ্বিতীয় আঁঠুৰ অস্ত্ৰোপছাৰ কৰা। কিন্তু মই দুটা ইনজেকছন লৈ খেলত নামিছিলো। খেলৰ শেষতহে অস্ত্ৰোপছাৰ কৰাও। সতীৰ্থ খেলুৱৈসকলে খেল শেষ হোৱাৰ পাছত মোক হাস্পতাললৈ লৈ গৈছিল। দেশৰ বাবে খেলাৰ সুযোগ পাইছো তেনেক্ষেত্ৰত আঁঠুৰ বিষৰ বাবে মই খেলৰ পৰা আঁতৰি থাকিম এয়া হ’বই নোৱাৰে। মোৰ যেতিয়া অস্ত্ৰোপছাৰ হৈছিল তেতিয়া প্ৰায় ২ ঘণ্টা সময় মই অজ্ঞান হৈ পৰি আছিলো। জ্ঞান ঘূৰাই পাওঁতে চিকিৎসকে সুধিলে, আকৌ কেতিয়া খেল আছে? যদি খেল আছে তেন্তে খেলাৰ কথা পাহৰি যোৱা। তুমি যদি মোটামুটিভাৱে খোজ কাঢ়িব পৰা হৈ উঠা তাৰবাবে আমি চেষ্টা চলাম।’
২০১৮ চনত বাহন দুৰ্ঘটনাত আঘাত পাইছিল ছামিয়ে। ডেৰাডুনৰ পৰা দিল্লী যোৱাৰ পথত এখন ট্ৰাকে তেওঁৰ বাহনত খুন্দা মাৰিছিল। মূৰত আঘাত পাইছিল ছামিয়ে। তাৰ কিছুদিন পাছতেই ছামিৰ বিৰুদ্ধে হাছিন জাহানে কলকাতাত বোৱাৰী নিৰ্যাতনৰ গোচৰ তৰিছিল ছামিৰ বিৰুদ্ধে। ছামিয়ে এই সন্দৰ্ভত কয়, ‘বুজিবই নোৱাৰিলো ক’ত কি দুৰ্ঘটনা হ’ল। সেই সময়ত মোৰ জেট কেটেগৰীৰ নিৰাপত্তা নাছিল। মোৰ বাহত সন্মুখত দুখন আৰু পিছফালে দুখন গাড়ী আছিল। তাৰমাজতেই কেৱল সেইদিনা মোৰ বাহনতহে ধাক্কা লাগিছিল। লগেলগেই মোক ডেৰাডুনলৈ লৈ যোৱা হ’ল। সুস্থ হোৱাৰ পাছত তাতেই মই আকৌ অনুশীলনত নামি পৰো। খুব কঠিন সময় আছিল, কিন্তু মই সমস্যা এৰি পলাই যোৱা মানুহ নহয়।’
সুস্থ হৈ আকৌ মেচত নামিল ছামি। ২০১৯ চনত বিশ্বকাপো খেলিছিল। এইবাৰৰ বিশ্বকাপত প্ৰথম চাৰিখন মেচ খেলাৰ সুযোগ পোৱা নাছিল ছামিয়ে। তেওঁ এইবাৰৰ বিশ্বকাপত মুঠ ৭খন মেচ খেলিছে। তাৰপিছতেই প্ৰতিপক্ষৰ মুঠ ৭০টা উইকেটৰ মাজত ২৪টা উইকেট ছামিয়েই লৈছে। অৰ্থাৎ ৩৮.৩৩ শতাংশ অকলেই লৈছে পেছাৰ বলাৰ ছামিয়ে। ছামিয়েই বিশ্বকাপত সৰ্বাধিক উইকেট লোৱা একমাত্ৰ খেলুৱৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ