অসম লাইভ২৪ঃ ডেংগুত আক্ৰান্ত হোৱাৰ বাবে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে মেচত নমা নাছিল শুভমন গীল। পাকিস্তানৰ বিৰুদ্ধে তেওঁ খেলিবনে বিষয়টোক লৈ চৰ্চা হৈ থাকোতেই মেচত নামিল শুভমন। ৰোহিত শৰ্মাই কালিৰ দিনটোত জনাইছিল যে শুভমন গীলৰ খেলাৰ সম্ভাৱনা ৯৯ শতাংশ থকাৰ কথা। শনিবাৰে ফিল্ডত দেখা গৈছে শুভমনক। টছত জিকি ভাৰতে প্ৰথম বলিঙৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হৈছে হাইভল্টেড মেচখন।
অপেনাৰ শুভমনক লৈ এতিয়া আশাবাদী হৈ পৰিছে বেছিসংখ্যক ক্ৰিকেটপ্ৰেমীয়েই। উল্লেখ্য যে, বৰ্তমানলৈকে ৭বাৰ পাকিস্তান দলে ভাৰতীয় দলৰ সৈতে বিশ্বকাপত মুখামুখি হৈছে যদিও এবাৰো ভাৰতীয় দলটোক পৰাস্ত কৰিব পৰা নাই। প্ৰত্যেকবাৰেই ভাৰতীয় দলৰ হাতত পৰাস্ত হৈছে পাক দল। এইবাৰো বাবৰ বাহিনীয়ে আত্মবিশ্বাসেৰে মেচত নমাৰ কথা ঘোষণা কৰিছে যদিও ভাৰতীয় দলটোৱে তাতকৈয়ো আত্মবিশ্বাসী কিয়নো এইবাৰ বিশ্বকাপ নিজ দেশতেই অনুষ্ঠিত হৈছে। পাক দলে অষ্টমবাৰো ভাৰতীয় দলটোৰ হাতত ধৰাশায়ী হ’বই বুলি আত্মবিশ্বাসী প্ৰতিজন ক্ৰিকেট অনুৰাগীয়েই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















