আন এক আঘাত, ভাৰতে নিষিদ্ধ কৰিলে পাকিস্তানৰ ৰক্ষা মন্ত্ৰীৰ লগতে সাংবাদিকৰ X একাউণ্ট
পেহেলগাম আক্ৰমণৰ ঘটনাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে। পেহেলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ জনসাধাৰণে বিভ্ৰান্তিকৰ খবৰ প্ৰচাৰ কৰি আছিল। সেইবাবেই ভাৰতে ছ’চিয়েল মিডিয়া এক্সতো ডাঙৰ পদক্ষেপ লৈছে।
পাকিস্তান আই এছ পি আৰ আৰু আই এছ আইৰ সৈতে জড়িত কেইবাজনো পাকিস্তানী সাংবাদিকৰ ছ’চিয়েল মিডিয়া একাউণ্টত ভুৱা বাতৰি আৰু ভুল তথ্য বিয়পোৱাৰ বাবে ভাৰতে নিষেধাজ্ঞা আৰোপ কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ একাউণ্টতো নিষিদ্ধ কৰিছে।
ইয়াৰ পূৰ্বে ভাৰতে পাকিস্তানী নিউজ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকৰ ইউটিউব চেনেল নিষিদ্ধ কৰিছিল। ভাৰতে GNN, Geo News, Dwan News, SAMAA TV আদি বহুতো ইউটিউব চেনেল বন্ধ কৰি দিছিল।
উল্লেখ্য যে, ভাৰত চৰকাৰে ১৬ টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিছিল। এই চেনেলসমূহে ভাৰতৰ বিৰুদ্ধে প্ৰজ্বলনমূলক তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নিষেধাজ্ঞাৰ পৰামৰ্শ আগবঢ়াইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ