সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল…
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। তাৰ বিপৰীতে শেহতীয়াকৈ ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজসমূহে কেইবাটাও সফল জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই সন্দৰ্ভত তথ্য দি ভাৰতীয় নৌসেনাৰ মুখপাত্ৰগৰাকীয়ে লিখে, “জাহাজসমূহে দীৰ্ঘ দূৰত্বৰ নিখুঁত আক্ৰমণৰ বাবে প্লেটফৰ্ম, ব্যৱস্থা আৰু ক্ৰুৰ প্ৰস্তুতি পুনৰ প্ৰমাণীকৰণ আৰু প্ৰদৰ্শনৰ বাবে একাধিক সফল জাহাজ বিৰোধী মিছাইল পৰীক্ষণ কৰে। ভাৰতীয় নৌসেনা যিকোনো সময়তে, যিকোনো ঠাইতে, যিকোনো প্ৰকাৰে জাতিটোৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ যুদ্ধৰ বাবে সাজু।”
https://x.com/AHindinews/status/1916353677624857019
ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ছুৰাটে আৰব সাগৰত মিডিয়াম ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল (এম আৰ-এছ এ এম) এয়াৰ ডিফেন্স মিছাইল ব্যৱস্থাৰ সফল পৰীক্ষামূলক নিক্ষেপ কৰিছিল।
ভাৰতীয় নৌসেনাই এক্সত লিখিছে, ‘ভাৰতীয় নৌসেনাৰ শেহতীয়া থলুৱাভাৱে নিৰ্মিত গাইডেড মিছাইল ধ্বংসকাৰী জাহাজ আই এন এছ ছুৰাটে সফলতাৰে সাগৰক লক্ষ্য কৰি পৰীক্ষা কৰিছিল, যি ভাৰতৰ বাবে প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ