১০ ফেব্ৰুৱাৰী পৰ্যন্ত ৰে’লৰ চলাচল বাতিল ভাৰতীয় ৰে’লৱেৰ৷ নিৰ্মাণ কাৰ্য চলি থকাৰ বাবেই ৰে’লসেৱা বাতিলৰ ঘোষণা কৰে ৰে’ল কৰ্তৃপক্ষই৷ সম্প্ৰতি বিলাপুৰৰ ছাউথ ইষ্ট চেণ্ট্ৰেল ৰে’লৱে’ৰ জৈথৰা-চুল্হা ৰে’লৱে’ ষ্টেচনত নিৰ্মাণ কাৰ্য অব্যাহত আছে৷ গতিকে ১-১০ ফেব্ৰুৱাৰীলৈ চলাচল কৰিবলগীয়া সকলো ৰে’ল বাতিল কৰিছে ভাৰতীয় ৰে’লৱে কৰ্তৃপক্ষই৷
বিলাপুৰ –ভূপান সংযোগী আৰু জম্মু তবী-দুৰ্গ সংযোগী ট্ৰেইনো আছে বাতিলৰ তালিকাত৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বন্ধ থাকিব চলাচল৷ ৰে’লৱেৰ তৰফৰ পৰা NTES ৩৯ নংৰ জৰিয়তে নিজৰ ট্ৰেইনৰ সবিশেষ তথ্য সংগ্ৰহ কৰবলৈ যাত্ৰীসকলক আহ্বান জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ