আজি ৩১ জানুৱাৰী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৩ সংখ্যক ওপজা দিন । অসমৰ স্বাভিমানৰ এজন পুৰুষ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ অসমৰ ৰাজনীতি, সমাজনীতি, সংগীত, নাটক, কবিতা সকলোতে তেওঁৰ প্ৰভাৱ পৰিষ্ফুট৷ অসমীয়াৰ সংহতিৰ পৰা অসমীয়াৰ সেউজ সপোনলৈ সকলোতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই নিজক প্ৰতিষ্ঠা কৰি থৈ যাবলৈ সক্ষম হৈছে৷ ১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাই ১৯৬৯ চনৰ ২০ জুনত শেষনিশ্বাস ত্যাগ কৰে৷ আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৩ সংখ্যক ওপজা দিন৷ সেই উপলক্ষে কভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ তেজপুৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম দিৱস উদযাপন৷ অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰি গৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। দুশৰো অধিক গীত ৰচনাৰে তেখেতে ৰাভা সংগীতৰ জন্ম দিছিল। তেখেতৰ চিৰসেউজ গীতসমূহৰ ভিতৰত অন্যতম- পৰজনমৰ শুভ লগনত, লগন উকলি গল, ৰৈ ৰৈ কেতেকী আদি। তেখেতৰ গীতসমূহত মাতৃ প্ৰেম, দেশ প্ৰেমৰ লগতে প্ৰকৃতি আদি বিভিন্ন বিষয় নিগৰিত হৈ আছিল৷
জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে ‘ৰাভা’ উপাধি লিখিবলৈ লয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আছিল আৰক্ষী বিভাগৰ বিষয়া। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি শেষত উচ্চ শিক্ষাৰ কাৰণে কলকাতালৈ যাত্ৰা কৰে বিষ্ণুপ্ৰসাদ ৰাভাই৷ ইফালে বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ প্ৰাৰম্ভিক স্তৰত ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল৷ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সেনানী ৷ কৃষকসকলৰ কাৰণে তেওঁৰ এটি প্ৰসিদ্ধ শ্ল’গান আছে, ‘হাল যাৰ মাটি তাৰ’৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ সমগ্ৰ জীৱন জনসাধাৰণৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে সমৰ্পিত হৈছিল ৷ তেওঁৰ কথনশৈলী আছিল জনসাধাৰণৰ হৃদয় চুই যোৱা৷ তেওঁৰ ব্যক্তব্য শুনিবলৈ সভাঘৰ ভিৰ কৰিছিল শ শ শ্ৰোতাই৷ বিষ্ণু ৰাভাই ৰাজনীতি কৰিছিল ৰাইজৰ সেৱা কৰাৰ নিমিত্তে৷ ৰাভাই পৈতৃক ভূমি বিলাই দিছিল নিঃস্বজনৰ মাজত।
কলেজত পঢ়ি থকা কালতে ৰাভাই ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰাৰ লগতে আৰু ‘আৱাহন’ আলোচনীত প্ৰৱন্ধ ৰচনা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীত নৃত্য পৰিচালনা কৰি সমাদৰ লাভ কৰে। পাছত জ্যোতিপ্ৰসাদৰ লগ লাগি ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি উলিয়াইছিল। ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক জন্ম দিৱস উপলক্ষে শিল্পীগৰাকীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অজস্ৰজনে। ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হয় শিল্পীগৰাকীৰ জন্ম দিৱস। অনুষ্ঠানত কলাগুৰুৰ জেষ্ঠ্য পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থকাৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ