দেশত কৰোনাৰ তৃতীয় ভেৰিয়েন্ট অ’মিক্ৰণতকৈ ভয়াৱহ হৈছে ‘মিত্ৰ’৷ ‘মিত্ৰ’ই দেশত অ’মিক্ৰণতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ যি পৰিস্থিতিয়ে দেশলৈ সংকট নমাই আনিছে! কিন্তু কি এই মিত্ৰ? যি হৈছে অ’মিক্ৰণতকৈ ভয়াৱহ!
এই অ’মিক্ৰণতকৈ ভয়াৱহ ‘মিত্ৰ’ কি সেই সম্পৰ্কে দেশবাসী সতৰ্ক কৰি দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৱে৷
থাৰুৱে সোমবাৰে নিজ টুইটাৰ হেণ্ডলত টুইট কৰি কয় যে ‘মিত্ৰ’ হৈছে কৰোনাৰ তৃতীয় ভেৰিয়েন্ট অ’মিক্ৰণতকৈ অধিক ভয়াৱহ৷ আৰু এই ‘মিত্ৰ’ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জিভাৰ আগত থকা দেশবাসীক সম্বোধন কৰা শব্দ ‘হে মিত্ৰ’৷
Far more dangerous than #Omicron is “O Mitron”! We are measuring the consequences of the latter every day in increased polarisation, promotion of hatred & bigotry, insidious assaults on the Constitution & the weakening of our democracy. There is no “milder variant” of this virus.
— Shashi Tharoor (@ShashiTharoor) January 31, 2022
শশী থাৰুৰ মতে দেশৰ অ’মিক্ৰণতকৈ ‘হে মিত্ৰ’হে অধিক ভয়াৱহ! ইয়াৰ দ্বাৰা প্ৰতিদিনে বৰ্ধিত মেৰুকৰণ, ঘৃণা আৰু গোড়ামিৰ প্ৰচাৰ, সংবিধানৰ ওপৰত প্ৰৱঞ্চনামূলক আক্ৰমণ আৰু আমাৰ গণতন্ত্ৰক দুৰ্বল কৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে৷
এই ভাইৰাছৰ অৰ্থাৎ ‘হে মিত্ৰ’ৰ সদায় মাৰাত্মক ভাইৰাছ আৰু ইয়াৰ কোনো ‘মৃদু প্ৰকাৰ’ নাই বুলিও কটাক্ষ কৰিছে থাৰুৱে৷
এই টুইটৰ পিছতে থাৰুক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে৷ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহনাছ পোনাৱালাই আক্ৰমণ কৰি কয় যে যে শশী থাৰুৱে এইদৰে টুইট কৰি দেশৰ গম্ভীৰ কোভিড পৰিস্থিতিক উপলুঙাহে কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ