কোভিড কালত ভাল খবৰ। পুনৰ বিদ্যালয়লৈ যাব পাৰিব ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী। ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধেমাজিত ঘোষণা কৰিলে এই কথা।
আনহাতে, দেশৰ কেইবাখনো ৰাজ্যত পুনৰ শিক্ষানুষ্ঠান খোলাৰ যো-জা চলিছে। ইতিমধ্যে জানুৱাৰীৰ শেষৰ দিনটোত আংশিকভাৱে বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হ’ল বাংগালুৰু আৰু উত্তৰাখণ্ডত । আনহাতে ১ ফেব্ৰুৱাৰীৰ পৰা আন কেইবাখনো ৰাজ্যত বিদ্যালয় খোলাৰ প্ৰস্তুতি চলিছে। অৰ্থাৎ, দেশত কমিছে ক’ৰোনাৰ ভয়াৱহতা! ৰাজস্থানত ১ ফেব্ৰুৱাৰীৰ পৰা খুলিব বিদ্যালয়। দশম পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পুনৰ বিদ্যালয়ত পাঠদানৰ সিদ্ধান্ত লৈছে ৰাজস্থান চৰকাৰে। ১০ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনত ষষ্ঠৰ পৰা নৱম শ্ৰেণী পৰ্যন্ত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ হ’ব। মহাৰাষ্ট্ৰৰ পুণে জিলাত ১ ফেব্ৰুৱাৰীত খুলিব বিদ্যালয়।
প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এবেলা হ’ব পাঠদান। নৱমৰ পৰা দশমলৈ সম্পূৰ্ণ সময়ৰ পাঠদান। আনহাতে মহাবিদ্যালয়সমূহ নিয়মিতভাৱে চলিব। উত্তৰপ্ৰদেশত ৬ ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয়সমূহ খুলিব। হাৰিয়ানাত ১ ফেব্ৰুৱাৰীৰ পৰা আংশিকভাৱে খুলিব বিদ্যালয়। ঝাৰখণ্ডতো ফেব্ৰুৱাৰীৰ পহিলাতে পুনৰ শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰী পুনৰ বিদ্যালয়মুখী হোৱাৰ পৰিৱেশ ঘূৰি অহাতো নিশ্চিতভাৱে ভাল খবৰ। মঙলবাৰে অসমতো জাৰি হ’ব নতুন এছ অ’ পি। আক্ৰান্তৰ সংখ্যালৈ এহেজাৰলৈ হ্ৰাস পালেই কোভিড বিধিত আহিব শিথিলতা।
উল্লেখ্য দেশত সোমবাৰৰ দিনটোত ক’ৰোনাত আক্ৰান্তৰ হাৰ ১৫.৭৭ শতাংশ। আনহাতে অসমত চৰকাৰী তথ্য অনুসৰি কমিছে আক্ৰান্তৰ সংখ্যা। দেওবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ৬.৯৫ শতাংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ