অসল লাইভ ২৪ঃ সাম্প্ৰতিক সময়ৰ ৰাজনীতিক উত্তাল কৰি ৰখা কেবাটাও স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত বিস্ফোৰণ মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷
দেওবাৰে অসম লাইভ ২৪ৰ সাংবাদিকৰ আগত নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনৰ পিছতে পুনৰ দেশৰ ৰাজনীতি উত্তাল কৰা পেগাচাছ কাণ্ডৰ সন্দৰ্ভত মুখ খুলি বিধায়ক অখিল গগৈয়ে কয় যে পেগাচাছ কেলেংকাৰিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ জনতাৰ বিৰুদ্ধে যুদ্ধ কৰিছে৷
এই সন্দৰ্ভত তদন্তকাৰী সংস্থা NIAএ তেওঁৰ বেডৰুমত কি হৈ আছে সেয়াও জানিছিল বুলি বিস্ফোৰক মন্তব্যও কৰিছে বিধায়ক গগৈয়ে৷ পেগাচাছ কেলেংকাৰিয়ে শালীনতাৰ সীমা, ব্যক্তিগত সম্পৰ্ক, মৌলিক অধিকাৰ সকলোবোৰ চেৰাই গৈছে বুলিও গুৰুতৰ অভিযোগ কৰে বিধায়ক অখিল গগৈয়ে৷
পেগাচাছ কাণ্ডেৰে মোদী চৰকাৰে ৰাষ্ট্ৰদ্ৰোহী কাম কৰাৰ অভিযোগ কৰি ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেপ্তাৰ হৈ এদিন হ’লেও জে’ললৈ যাব লাগিব বুলি দৃঢ়তাৰে অখিল গগৈয়ে মন্তব্য কৰিছে৷
ইফালে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ অচিৰেই বৈঠক অনুষ্ঠিত হ’ব বুলি জনায় অখিল গগৈয়ে৷ আমাৰ এজন বিধায়ক গতিকে আমি নৈতিকভাৱে প্ৰাৰ্থী দাবী কৰিব নোৱাৰো বুলি উল্লেখ কৰি তেওঁৰ ভোটটো বিজেপিক বিৰোধিতা কৰি কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীকে দিব বুলিও প্ৰকাশ কৰিছে অখিল গগৈয়ে৷
ৰাজ্যসভাৰ নিৰ্বাচনকলৈ পুনৰ ঘোঁৰা বেচা-কিনা হ’ব নেকি বুলি কৰা এক প্ৰশ্নোত্তৰত অখিল গগৈয়ে কয়, ‘‘আৰু ঘোঁৰা কিনিব বুলি মোৰ বিশ্বাস হোৱা নাই৷ ঘোঁৰা কিনা মানুহজন হৈছে খোদ মুখ্যমন্ত্ৰী নিজেই৷’’
বদৰুদ্দিন আজমলেই এদিন হাইদৰ হুছেইনক পৰাস্ত কৰাৰ অভিযোগ কৰি বিধায়কগৰাকীয়ে এআইইউডিএফে প্ৰাৰ্থী দিলে বিজেপিৰ প্ৰাৰ্থীৰ বাবে বাট মুকলি কৰি দিয়া হ’ব বুলিহে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
আনহাতে, সংবাদ মাধ্যমত মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত চলি থকা তৰল বাকযুদ্ধ সম্পৰ্কেও মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে৷ এই ক্ষেত্ৰত বিধায়ক গগৈয়ে কাব্য সাধনা এক মহৎ সাধনা বুলি মন্তব্য কৰি কবিতাক ৰাজনীতিলৈ আনি কাব্য সাধনাক অপমান নকৰিবলৈ দুয়োপক্ষে আহ্বান জনায়৷
ফেক এনকাউণ্টাৰ সম্পৰ্কে অখিল গগৈয়ে কয় যে ফেক এনকাউণ্টাৰ ভাৰতৰ ইতিহাসত এটা অতি জঘন্য ঘটনা আৰু মুখ্যমন্ত্ৰীৰ নাম ইয়াৰ বাবে ইতিহাসত ক’লা আখৰেৰে লিখা থাকিব৷ বিধায়ক অখিল গগৈয়ে ফেক এনকাউণ্টাৰ অতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ