৪ মাহ পূৰ্বে নহয়, এতিয়াৰ পৰা কেৱল ৬০ দিন পূৰ্বেহে কৰিব পাৰিব ৰে’লৰ টিকট, পঢ়ক সবিশেষ
ভাৰতীয় ৰে’লৱেৰ টিকট বুকিঙৰ নিয়ম সলনি। এতিয়া ৪ মাহ তথা ১২০ দিনৰ সলনি ৬০ দিন আগতীয়াকৈ টিকট বুকিং কৰিব পাৰিব। আজি বৃহস্পতিবাৰ ১৭ অক্টোবৰ তাৰিখে ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এতিয়া আগতীয়াকৈ সংৰক্ষণৰ সময়সীমা হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত মানুহে আগতীয়াকৈ টিকট বুকিং কৰিবলৈ কম সময় পাব।
ৰে’লৱেই এই অধিসূচনাত উল্লেখ কৰিছে যে ২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা ৰে’লত আগতীয়াকৈ সংৰক্ষণৰ বাবে বৰ্তমানৰ সময়সীমা ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হ’ব। অৱশ্যে ২০২৪ চনৰ ৩১ অক্টোবৰলৈকে ১২০ দিনৰ এ আৰ পিৰ অধীনত কৰা সকলো বুকিং অক্ষত অৱস্থাত থাকিব। নৱেম্বৰৰ পৰা কৰা বুকিঙৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য হ’ব।
তাজৰ দৰে কিছু দিনৰ বাবে চলা এক্সপ্ৰেছ ৰে’লৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহ’ব বুলিও উল্লেখ কৰিছে ৰে’লৱেই। এক্সপ্ৰেছ, গোমটি এক্সপ্ৰেছ আদিত আগতীয়াকৈ ৰিজাৰ্ভচনৰ সময়সীমা কম। ইয়াৰ বাহিৰেও বিদেশী পৰ্যটকৰ বাবে ৩৬৫ দিনৰ সীমাৰ বিষয়ত কোনো পৰিৱৰ্তন নহ’ব বুলি উল্লেখ কৰে ৰে’ল কৰ্তৃপক্ষই।
এতিয়ালৈকে মানুহে ১২০ দিন আগতেই টিকট বুকিং কৰাৰ সুযোগ পাইছিল। ইয়াৰ বাবে সময়মতে টিকট বুকিং আৰু টিকট নিশ্চিত কৰিবলৈ যথেষ্ট সময় আছিল যদিও ৬০ দিনৰ সময়সীমাৰ বাবে হঠাতে বুকিঙৰ বাবে কিছু দিগদাৰ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত। ৱেইটিং টিকটৰ বাবে কনফাৰ্ম হোৱাৰ সম্ভাৱনাও কম হ’ব। পূৰ্বাঞ্চল আৰু বিহাৰৰ পথত ৰিজাৰ্ভচন চাৰিমাহ আগতেই সম্পূৰ্ণ হৈ উঠে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ