চেম্পিয়নছ ট্ৰফীৰ ভাৰতীয় দল- কোনে কোনে পালে স্থান! আঘাত লৈ আঁতৰিল বুমৰাহ
চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ মাজত আৰু মাথো কেইটামান দিন। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ পূৰ্বে সকলো দলেই ঘোষণা কৰিলে নিজ নিজ দলৰ সদস্যৰ তালিকা। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মঙলবাৰে নিশা ঘোষণা কৰে ১৫ জনীয়া চূড়ান্ত দলটো।
এই দল ঘোষণাৰ বাবে আটাইতকৈ চৰ্চিত বিষয়টো আছিল যে যশপ্ৰীত বুমৰাহে চেম্পিয়নছ ট্ৰফীত খেলিব পাৰিবনে নোৱাৰে? কিন্তু অৱশেষত দলত অন্তৰ্ভুক্ত কৰা নহ’ল বুমৰাহক। পিঠিৰ আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পৰা বহিবলৈ দিয়া হ’ল তাৰকা পেচাৰগৰাকী।
পিঠিৰ আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা বেগী বলাৰ যশপ্ৰিত বুমৰাহক দলৰ পৰা আঁতৰাই বুমৰাহৰ ঠাইত যুৱ বলাৰ হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও লেগ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীক ১৫ জনীয়া দলটোৰ অংশ হিচাপে লোৱা হৈছে। যশস্বী জয়ছৱালৰ ঠাইত স্থান দিয়া হৈছে বৰুণক।
চেম্পিয়নছ ট্ৰফীৰ বাবে আটাইকেইটা আঠটা দলে মঙলবাৰ অৰ্থাৎ ১১ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত দলৰ তালিকা দাখিল কৰিব লাগিছিল। সেই নিময় অনুসৰিয়েই মঙলবাৰে নিশা বিচিচিআইয়ে চূড়ান্ত দলত দুটা সালসলনি কৰি ১৫ জনীয়া দলৰ তালিকা আইচিচিলৈ প্ৰেৰণ কৰে।
ঘোষিত হোৱা দলটোত যশপ্ৰীত বুমৰাহ আৰু যশস্বী জয়ছৱালক অন্তৰ্ভুক্ত নকৰাৰ বিপৰীতে হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত চূড়ান্ত ভাৰতীয় দলটো – ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ অধিনায়ক), বিৰাট কোহলি, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পণ্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ শ্বামী, অৰ্শদীপ, ৰবীন্দ্ৰ জাডেজা, আৰু বৰুণ চক্ৰৱৰ্তী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















