এগৰাকী ভাৰতীয় যুৱকক ৬৫ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে গুগলে৷ মধ্যপ্ৰদেশৰ ইন্দোৰৰ অমন পাণ্ডে নামৰ যুৱকগৰাকীলৈ গুগলে আগবঢ়াইছে এই বৃহৎ ধন ৰাশি৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি অমন পাণ্ডে নামৰ যুৱকজনে বাগিমিৰ’ৰ নাম এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি গুগলৰ বিসংগতি তথা সুৰক্ষামূলক ত্ৰুটি চিনাক্ত কৰি আহিছিল৷
অমন পাণ্ডে নামৰ ভূপাল NIT স্নাতক প্ৰযুক্তিবিদ্যাৰ অভিজ্ঞ যুৱকজনে ২০২১ চনত গুগলৰ এনে ২৩২ টা বিসংগতি সম্পৰ্কে গুগলক অৱগত কৰিছিল৷ ইয়াৰ পূৰ্বে ২০১৯ চনত যুৱকজনে প্ৰথম বাৰৰ বাবে গুগলক এই বিষয়ে ৰিপ’ৰ্ট কৰিছিল৷
এইদৰে যুৱকজনে মুঠ ২৮০ টা বিচ্যুতিৰ ৰিপ’ৰ্ট গুগলৈ প্ৰেৰণ কৰাৰ পিছত গুগলে যুৱকজনলৈ ৬৫ কোটি টকাৰ পুৰস্কাৰ আগবঢ়াইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ