‘লৈ যোৱা মোৰ এই দুই বক্ষ ‘- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ
ভাৰতৰ ইতিহাসৰ দুই মহীয়সী নাৰী। যিয়ে জীৱন্তে হেৰুৱাইছে নিজৰ বক্ষ। এগৰাকীয়ে কৰ দিয়াৰ নামত শত্ৰুৰ হাতত নিজেই কাটি তুলি দিছিল বক্ষ যুগল। আন এগৰাকীয়ে দেশ মাতৃৰ ৰক্ষাৰ বাবে নিজৰ মুখ বন্ধ ৰখাৰ বাবদ শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ যুগল। যি দুই নাৰীৰ নাম এই ইতিহাসৰ পাতত চিৰকাল ৰৈ বৈ যাব।
তাৰেই এগৰাকীৰ নামত বৰ্তমানে মন্দিৰো নিৰ্মাণ কৰা আছে দক্ষিণ ভাৰতত। আন এগৰাকীৰ নাম সোণালী আখৰেৰে লিখা আছে ইতিহাসৰ পাতত। সেই দুই মহান নাৰী হৈছে – নাংগেলী (Nangalei) আৰু নীৰা আৰ্যা (Neera Arya)
নাংগেলী-
নাংগেলীৰ সময়ৰ কথা- তেতিয়া ভাৰতবৰ্ষত জাত-পাতৰ সমস্যা বহুত। উচ্চ বৰ্গৰ মহিলাই নিজৰ বক্ষ ঢাকিবলৈ অনুমতি পাইছিল। কিন্তু নিম্ন বৰ্গৰ মহিলাই বক্ষ ঢকাৰ অনুমতি পোৱা নাছিল। যদি বক্ষ ঢাকিব বিচাৰে তেন্তে তাৰ বাবদ দিব লগা হৈছিল টেক্স তথা কৰ। নাংগেলী আছিল নিম্ন বৰ্গৰ উচ্চ চিন্তাধাৰাৰ মিহলা। নিজৰ শৰীৰ ঢাকি ৰখাটো জন্মগত অধিকাৰ বুলি বিশ্বাস ৰাখিছিল। যাৰ বাবে কাপোৰেৰে ঢাকি ৰাখিছিল নিজৰ বক্ষ যুগল। তাৰ বাবদ পৰিশোধ কৰা নাছিল কোনো কৰ। কিন্তু উচ্চ বৰ্গৰ মানুহৰ ওচৰত কিমান দিন তেনেদৰে থাকিব পাৰে।
খেদি আহে নাগেলীৰ ওচৰত। নাংগেলীয়ো ভাৱে নিজৰ যদি বক্ষই ঢাকিব নোৱাৰি তেনে জীৱনৰ কোনো মানেই নাই। যাৰ বাবে সকলোকে ঘৰৰ বাহিৰত ৰাখি ভিতৰৰ পৰা বক্ষ ঢকাৰ কৰ আনিব বুলি কৈ ভিতৰলৈ গৈ চোকা অস্ত্ৰ লৈ আহি সকলোৰে সমুখতে নিজৰ বক্ষ কাটি কৰ আদায় কৰোতাৰ সমুখলৈ আগবঢ়াই দিয়ে। যি ঘটনা আছিল এক অতিকে আচৰিত ঘটনা। সেই ঘটনাত অত্যাধিক ৰক্তক্ষৰণ হৈ ঠাইতে প্ৰাণ হেৰুৱাই নাংগেলীয়ে। কিন্তু নাংগেলীৰ সেই অৱদানে অন্ত পেলাই বক্ষ ঢকাৰ কৰ। সকলো মহিলাই লাভ কৰে বক্ষ ঢকাৰ অনুমতি। যাৰ বাবে কেৰালাৰ নিবাসী নাংগেলীক সন্মান দিয়াৰ বাবে তাতেই নিৰ্মাণ কৰা হৈছে এটা মন্দিৰ।
নীৰা আৰ্যা-
আন এগৰাকী মহিয়ান নাৰী হৈছে নীৰা আৰ্যা। বিদেশীৰ হাতৰ পৰা দেশ ৰক্ষাৰ যুঁজত নামি পৰা এগৰাকী মহিলা। নেতাজী সুভাষ চন্দ্ৰ বসুৰ সেনানীত নামি স্বাধীনোত্তৰ যুঁজ কৰা নীৰাৰ কাহিনীয়ো ইতিহাসৰ পাতক সোণালী আখৰেৰে লিখা আছে। নীৰা আছিল মুক্তিযুঁজাৰু আনহাতে নীৰাৰ স্বামী আছিল বিদেশীৰ অধীনত কাম কৰা আৰক্ষী বিষয়া। দুই বিপৰীত মেৰুত বাস কৰিছিল দুয়ো স্বামী-স্ত্ৰী।
কিন্তু নীৰাই কোনোদিনে স্বামীৰ কথা নামানি কেৱল দেশ ৰক্ষাৰ বাবেই যুঁজি গল। বিদেশীৰ হাতত ধৰা পৰাৰ পাছত নীৰাক নেতাজীৰ বিষয়ে সোধ পোচ কৰি নিৰ্মম অত্যাচাৰ চলাইছিল বিদেশীয়ে। কিন্তু কোনো অত্যাচাৰেই কাম দিয়া নাছিল নীৰাৰ মনোবল ভাঙিবলৈ। অৱশেষত অত্যাচাৰৰ সীমা চেৰাই বিদেশী গোটে নীৰাৰ বক্ষ যুগল লোহাৰ চেপেনাৰে টানি অত্যাচাৰ কৰি কৰি শেষত চোকা অস্ত্ৰৰে কাটি পেলাইছিল। কিন্তু তথাপি নীৰাই প্ৰকাশ কৰা নাছিল নেতাজীৰ কোনো তথ্য। সেই নীৰাৰ কথা আজিয়ো মনত কৰা হয় ভাৰতৰ স্বাধীনতাৰ অন্যতম নাৰী শক্তি হিচাপে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ