ভাৰতৰ প্ৰথম মহিলা মল্লযুঁজাৰু হিচাপে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰিছে বিনেশ ফোগাটে৷ ভাৰতৰ প্ৰথম মল্লযুঁজাৰু হিচাপে পেৰিছত সোণ জয় কৰাৰ সুযোগ নিচেই কাষত বিনেশৰ৷ সোণৰ বাদে বেলেগ কোনো কল্পনা ৰখা নাই বিনেশে৷ ফাইনেলত প্ৰৱেশ কৰাৰ পাছতেই কান্দি কান্দি মাতৃলৈ ফোন কৰি বিনেশে কৈছে, ‘সোণ জিকি হে দেশলৈ উভতি আহিম৷’
ছেমিফাইনেলত কিউবাৰ গুজমান লোপেজক হৰুওৱাৰ পাছতেই মিক্সড জ’নত থিয় হৈ মাতৃলৈ ভিডিঅ’ কল কৰি কথা পতা দেখা গৈছে বিনেশক৷ ফোনৰ সিটোপাৰে তেওঁৰ মাতৃৰ লগতে পৰিয়ালৰ অইন লোক৷ বিনেশে তেওঁলোকক দেখি আৱেগ ধৰি ৰাখিব নোৱাৰিলে৷ কান্দি উঠিল বিনেশ৷ তাৰপাছতেই তেওঁলোকৰ পৰা ইংগিতেৰে আশীৰ্বাদো বিচাৰিলে বিনেশে৷ বিনেশৰ মাতৃয়ে তেওঁক কি ক’লে সেয়া শুনা নগলেও বিনেশক শেষত এটা কথাই কোৱা শুনা গ’ল, ‘সোণ জিকিবই লাগিব৷ সোণ জিকিহে দেশলৈ উভতি যাম৷’
এইবাৰৰ অলিম্পিকত মহিলাৰ ৫০ কেজি শাখাত নামিছে বিনেশ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বিশ্ব চেম্পিয়ন তথা বিগত অলিম্পিকত সোণজয়ী জাপানৰ উই ছুচকিক হৰুৱাইছে বিনেশে৷ বিগত অলিম্পিকত ছুচাকি প্ৰতিপক্ষৰ বিৰুদ্ধে এটাও পয়েণ্ট ল’ব পৰা নাছিল বিনেশে৷ এইবাৰ তেওঁকেই ৩-১ পয়েণ্টত হৰুৱালে বিনেশে৷ কোৱাৰ্টাৰ ফাইনেলত তেওঁ হৰুৱাই ইউক্ৰেইনৰ লিভাচ ওকছানাক৷ ৭-৫ পয়েণ্টত জয়ী হৈছে বিনেশ৷
ছেমিফাইনেলতো যুঁজ সহজ নাছিল বিনেশৰ৷ কিউবাৰ লোপেজ আছিল প্ৰতিপক্ষ৷ যিয়ে আগৰ মেচত ১০-০ ব্যৱধানত জয়ী হৈছিল৷ যথেষ্ট আক্ৰমণাত্মক খেলিছিল কিউবাৰ লোপেজে৷ বিনেশে এই খেলত ডিফেণ্ডত জোৰ দিছিল৷ ফলত পয়েণ্ট ল’ব নোৱাৰিলে লোপেজে৷ মাজে মাজে বিনেশে লোপেজক বুকুৰ ভৰত ঠেলি দিলেও পয়েণ্ট কিন্তু বিনেশেও ল’ব নোৱাৰিলে৷ কাৰণ লোপেজেও ভাল ডিফেন্স কৰিছিল৷ বিনেশৰ এখন ভৰি ধৰি ৰাখিছিল লোপেজে৷ ফলত বিনেশেও পয়েণ্ট ল’ব নোৱাৰিলে৷
প্ৰথম ৩ মিনিটত শেষ হোৱাৰ পূৰ্বে পয়েণ্ট তোলাৰ সুযোগ পায় বিনেশে৷ দুবাৰ ৱাৰ্ণিং পাই লোপেজে৷ ফলত ৩০ ছেকেণ্ডৰ মাজত পয়েণ্ট তুলিবলৈ সময় পায় যদিও নোৱাৰিলে৷ সেয়ে পেনাল্টি হিচাপে ১ পয়েণ্ট লাভ কৰে বিনেশে৷ পাছৰ তিনি মিনিট আৰম্ভ হোৱাৰ পাছত বিনেশেও দুবাৰ ৱাৰ্ণিং পায়৷ ফলত তেওঁকো লোপেজৰ দৰে ৩০ ছেকেণ্ডত পয়েণ্ট তুলিবলৈ সময় দিয়া হয়৷ সেই ৩০ ছেকেণ্ডতেই আকৌ এটা পয়েণ্ট তুলে বিনেশে৷ ৩-০ পয়েণ্টত বিনেশ আগুৱাই যায়৷ শেষত মুঠ ৫-০ পয়েণ্টত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে বিনেশে৷ তেওঁৰ এই জয়ত কোচৰ চকুৰেও নিগৰি আহে দুটুপাল চকুলো৷ এই জয় বিনেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা কোচেও জানে৷ বুধবাৰে সোণৰ যুঁজত নামিব বিনেশ৷ প্ৰতিপক্ষ আমেৰিকাৰ ছাৰা এন হিল্ডেব্ৰেণ্ট৷ চাৰাক হৰুৱাই সোণ জিকিব বুলি আশাবাদী বিনেশ৷ সোণক বাদ দি আন কোনো কথাই এতিয়া ভাৱিব নোখোজে বিনেশে বুলি নিজেই স্বীকাৰো কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ