অসম লাইভ ২৪ঃ সামান্য সকাহ। মঙলবাৰে কিছু হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। প্ৰায় দুসপ্তাহ ধৰি অভাৱনীয় হাৰত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছত মঙলবাৰে কিছু হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৩ লাখ ২৩ হাজাৰ ১৪৪ জন। সোমবাৰৰ তুলনাত মঙলবাৰে মৃ্ত্যুৰ সংখ্যা কিছু কম হ’লেও মুঠ মৃত্যুৰ সংখ্যা হৈছে ২,৭৭১ জন। মঙলবাৰৰ দিনটোত দৈনিক আক্ৰান্তৰ সংখ্যা বিগত ৪ দিনৰ তুলনাত কিছু কমিছে। বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ১৬ লাখ ৫৮ হাজাৰ ৭০০ গৰাকী লোকৰ কোভিড পৰীক্ষণ সম্পন্ন হৈছে। ইয়াৰ সমান্তৰালকৈ দেশত দ্ৰুতগতিত চলি আছে প্ৰতিষেধক প্ৰদান অভিযান। ২৪ ঘণ্টাত প্ৰতিষেধক গ্ৰহণ কৰিছে ৩৩ লাখ ৫৯ হাজাৰ ৯৬৩ গৰাকী। বৰ্তমানলৈকে সৰ্বমুঠ ১৪ কোটি ৫২ লাখ ৭১ হাজাৰ ১৮৬ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ভাৰতত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ